ডিমা হাছাও 7 জুলাই : সমগ্ৰ বিশ্বৰ লগতে অসমতো বৰ্তমানৰ ত্ৰাসৰ সৃষ্টি কৰিছে কোভিড-19 অথবা কৰ'ণা ভাইৰাছে ৷ অসমৰ ডিমা হাছাও জিলাত বৰ্তমানলৈকে 132 গৰাকী কোভিড-19 আক্ৰান্ত ৰোগী চিনাক্ত হৈছে ৷ মংগলবাৰে চিনাক্ত হৈছে তিনিগৰাকীকৈ ৰোগী ৷ কোভিড-19 ৰোগত আক্ৰান্ত হোৱা তিনি গৰাকীৰ মাজত আছে বেংক অৱ বৰোডাৰ প্ৰৱন্ধক আৰু তেওঁৰ পত্নী । আন এগৰাকী ব্যক্তি আছিল হাফলং চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত ।
ডিমা হাচাওত কোভিড-19ত আক্ৰান্ত বেংক অৱ বৰোডাৰ প্ৰৱন্ধক - dima hasao
ডিমা হাছাও জিলাত কোভিড 19 ৰোগীৰ সংখ্যা 132 জনলৈ বৃদ্ধি । মংগলবাৰে হাফলং চহৰত নতুনকৈ আৰু 3 গৰাকী ব্যক্তি কোভি- 19 ৰোগত আক্ৰান্ত ৰোগী চিনাক্ত হৈছে ।
dima hasao covid-19 positive cases
সম্প্ৰতি বেংক অৱ বৰোডাৰ প্ৰবন্ধক আৰু তেওঁৰ পত্নী গুৱাহাটীৰ পৰা হাফলঙলৈ আহিছিল আৰু হাফলং কলেজ ৰোডৰ এটা ভাড়া ঘৰত আছিল ৷ আক্ৰান্ত তিনি গৰাকী ব্যক্তিক হাফলং অসামৰিক চিকিৎসালয়ৰ আইচ'লেচন ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে। আনহাতে ডিমা হাছাও জিলাত কোভিড 19 ৰোগত আক্ৰান্ত 132 গৰাকী ৰোগীৰ মাজত 110 গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ বিপৰীতে 22 জন ৰোগীৰ চিকিৎসা চলি আছে হাফলং অসামৰিক হাস্পতালৰ কোভিড ৱাৰ্ডত ।