অসম

assam

উচ্চ ন্যায়ালয়ৰ ৰোষত দেৱলাল গাৰ্লছা

By

Published : Oct 20, 2020, 10:40 AM IST

বিপদে লগ নেৰা হৈছে দেৱলাল গাৰ্লছাক। তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ৪টা হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু ৰাজ্যপাললৈ গুৱাহাটী উচ্চ ন্যায়লয়ৰ জাননী। অহা ৩ সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়লয়ৰ।

দেৱলাল গাৰ্লছা গোচৰ: অহা ৩ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়লয়ৰ
দেৱলাল গাৰ্লছা গোচৰ: অহা ৩ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়লয়ৰ

ডিমা হাছাও, ২০ অক্টোবৰ: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম দেৱলাল গাৰ্লছাৰ সন্মুখত এতিয়া নতুন বিপদ। প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলঙবাৰে গুৱাহাটী উচ্চ ন্যায়ায়লত জনোৱা জনস্বাৰ্থজনিত আবেদনৰ সোমাবাৰে শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু ৰাজ্যপাললৈ জাননী জাৰি কৰে। এই জাননী অনুসৰি অহা ৩ সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে আদালতত শপতনামা দাখিল কৰিব লাগিব। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম দেৱলাল গাৰ্লছাৰ অপসাৰণ বিচাৰি এই আবেদন জনাইছিল প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলঙবাৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা এচ বৈৰাগীয়ে কয় যে, দেৱলাল গাৰ্লছাৰ বিৰুদ্ধে ৪টা হত্যাকাণ্ডৰ গোচৰ লগতে এনফ'ৰ্ৰচমেণ্ট ডাইৰেক্ট'ৰেটৰো গোচৰ চলি আছে। যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়লয়ত দেৱলালৰ অপসাৰণ বিচাৰি জনস্বাৰ্থজনিত গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু অসমৰ ৰাজ্যপাল আৰু দেৱলাল গাৰ্লছালৈ জাননী প্ৰেৰণ কৰে।

লগতে পঢ়ক:পথ দুৰ্ঘটনাত যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি জালুকবাৰীত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details