ডিমা হাছাও,12 এপ্ৰিল:সোমবাৰে পুৱা প্ৰায় 4.30 বজাত হাফলঙৰ পৰা প্ৰায় 120 কিল’মিটাৰ নিলগৰ উমৰাংচুত সংঘটিত হয় এক অঘটন ৷ 16 বছৰীয়া এগৰাকী যুৱকৰ মূৰত বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত মৃত্যুমুখত পৰে ৷ মৃত যুৱকজন উইচন ৰংপি বুলি চিনাক্ত কৰা হৈছে ৷
উমৰাংচুত বিদ্যুতৰ খুঁটা পৰি মৃত্যু যুৱকৰ
সোমবাৰে পুৱা প্ৰায় 4.30 বজাত উমৰাংচুত এগৰাকী 16 বছৰীয়া যুৱকৰ মূৰত বিদ্যুতৰ খুঁটা পৰাৰ ফলত মৃত্যুক সাৱটিব লগা হয় ৷ মৃত যুৱকজন উইচন ৰংপি বুলি চিনাক্ত কৰা হৈছে ৷
উমৰাংচুত বিদ্যুতৰ খুঁটা পৰি মৃত্যু এজন যুৱকৰ
প্ৰাপ্ত তথ্য অনুসৰি, 16 বছৰীয়া যুৱকজন গুৱাহাটীৰ পাৱাৰ ভেলী চিষ্টেম নামৰ বেচৰকাৰী এটা কোম্পানীৰ অধীনত অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত আছিল ৷ সোমবাৰে পুৱা বিদ্যুতৰ খুঁটা লগাই থকাৰ সময়তে হঠাৎ যুৱকজনৰ মূৰত পৰি যায় খুঁটাটো ৷ যাৰ ফলত মৃত্যুক সাৱটিব লগা হয় উইচনে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত কোম্পানীটোৰ উদাসীনতাৰ বাবেই উমৰাংচুত এনে দুৰ্ঘটনা সংঘটিত হৈছে ৷
লগতে পঢ়ক:হাফলঙৰ দুটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণক লৈ প্ৰস্তুতি জিলা প্ৰশাসনৰ