টিংখাং, 16 এপ্ৰিল : টিংখাঙৰ প্ৰতিখন চিকিৎসালয়,আৰক্ষী থানা,ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰ স্থল চেনিটাইজেশ্যন কৰি কৰ’ণা ভাইৰাছ নিৰ্মূল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে টিংখাঙৰ বিধায়ক বিমল বৰাই । দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ চেনিটাইজ কৰা কামত নিয়োজিত হৈছে তেওঁ ।
কোভিড-19 :বিধায়ক বিমল বৰাৰ চেনিটাইজেশ্যন
টিংখাঙত বিধায়ক বিমল বৰাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ ৷ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে তেওঁ টিংখাঙৰ প্ৰতিখন চিকিৎসালয়,আৰক্ষী থানা,ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰ স্থল চেনিটাইজেশ্যন কৰি কৰ’ণা ভাইৰাছ নিৰ্মূল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷
সমষ্টিটোৰ লেঙেৰী আদৰ্শ চিকিৎসালয়,ৰাজগড় সামূহিক চিকিৎসালয়,টিংখাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,ধমন শালমাৰী চিকিৎসালয়,চাব চেণ্টাৰ সমূহ,টিংখাং, ৰাজগড় বামোণবাৰী,আৰক্ষী থানা,প্ৰতিখন জনবহুল ব্যৱসায়ী অঞ্চল বিধায়ক বৰাই নিজেই চেনিটাইজ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলকো উৎসাহিত কৰা পৰিলক্ষিত হৈছে । ইয়াৰ লগতে লক ডাউনৰ সময়ছোৱাত কোনো কাৰণতেই বাহিৰলৈ ওলাই আহিল নাহি চৰকাৰী নিৰ্দেশ আখৰে আখৰে পালন কৰিবলৈ সমষ্টিবাসী ৰাইজক আহ্বান জনায় বিধায়ক বিমল বৰাই ৷
লগতে পঢ়ক : ল‘ক ডাউনৰ মাজতে মহানগৰীত ধূলিৰ ধুমুহা বতাহ ৷