অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত হেৰ’ইন সহ তিনিজনক গ্ৰেপ্তাৰ - ড্ৰাগছ বিৰোধী অভিযান

ডিব্ৰুগড়ত এক অভিযান চলাই সফলতাৰে আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন ৷ অভিযানটোত কাংকান নগৰৰ দ্বীপ দলে নামৰ ব্যক্তিজনৰ ভাড়াঘৰৰ পৰা তিনিওজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি 19.33 গ্ৰাম পৰিমাণৰ নিষিদ্ধ হেৰ’ইন জব্দ কৰে আৰক্ষীৰ দলটোৱে ৷

three-people-arrested-with-heroin-at-dibrugarh
ডিব্ৰুগড়ত হেৰ’ইন সহ তিনিজনক গ্ৰেপ্তাৰ

By

Published : Nov 13, 2021, 6:46 PM IST

মৰাণ, 13 নৱেম্বৰ : ৰাজ্যৰ অন্যান্য প্ৰান্তত ধাৰাবাহিকভাৱে চলিছে ড্ৰাগছ বিৰোধী অভিযান ৷ আৰক্ষীয়ে নিতৌ জব্দ কৰিছে যথেষ্ট পৰিমাণৰ ড্ৰাগছ ৷ সমান্তৰালভাৱে ডিব্ৰুগড়ত এক অভিযান চলাই সফলতাৰে আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হে’ৰইন ৷

এক গোপন সূত্ৰৰ পম খেদি ডিব্ৰুগড়ৰ উপ-আৰক্ষী অধীক্ষ্যক এ জে বৰুৱা ,সদৰ আৰক্ষী বিষয়া বলোৰাম টেৰংণ, নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিঙৰ নেতৃত্বত উক্ত অভিযান চলোৱা হয় ৷ এই অভিযানটোত কাংকান নগৰৰ দ্বীপ দলে নামৰ ব্যক্তিজনৰ ভাড়াঘৰৰ পৰা তিনিওজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ লগতে 19.33গ্ৰামৰ নিষিদ্ধ হেৰ’ইন জব্দ কৰে আৰক্ষীৰ দলটোৱে ৷

ডিব্ৰুগড়ত হেৰ’ইন সহ তিনিজনক গ্ৰেপ্তাৰ

উল্লেখ্য যে ডিব্ৰুগড় নগৰৰ লগতে উপকণ্ঠ অঞ্চলত ধাৰাবাহিকভাৱে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ৷ যদিও বৰ্তমানেও একাংশই এই বৰবিহ ৰূপী ড্ৰাগছৰ ৰমৰমীয়া ব্যাৱসায় অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :APDCL recruitment : অৱশেষত বাতিল হ'ল নিযুক্তি প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details