ডিব্ৰুগড়, 25 জুলাইঃ অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজ বিনিময়ত প্ৰাণ পাই উঠা ডিব্ৰুগড়ৰ লেপেটকটাৰ "গেছ ক্ৰেকাৰ প্ৰকল্প"৷ ই কেৱল অসমত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বা অসমৰ বৃহৎ উদ্যোগ হিচাপে প্ৰতিষ্ঠা লাভ কৰাটোৱেই সফলতা বুলি ধৰিব নোৱাৰি ৷
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (BCPL) নামেৰে নামাংকৃত এই প্ৰকল্পৰ লগত জড়িত হৈ আছিল অসমীয়াৰ ত্যাগ তথা আৰ্থ-সামাজিক উন্নয়নৰ বৃহৎ দিশটোও ৷ কেন্দ্ৰৰ চকুত অৱহেলিত অসমীয়াই এই উদ্যোগৰ যোগেদি দেখিছিল স্ব-নিৰ্ভৰশীলতাৰ অযুত সপোন ৷ এই উদ্যোগ প্ৰতিষ্ঠাৰ যোগেদি বাৰম্বাৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল যে অসমৰ লাখ লাখ নিবনুৱাই গেছ ক্ৰেকাৰ প্ৰকল্পৰ যোগেদি লাভ কৰিব জীৱিকাৰ সন্ধান ৷ স্বাধীনোত্তৰ কালৰে পৰা কৰ্ম সংস্থাপনৰ বাবে হাহাকাৰ কৰি অহা অসমীয়া যুৱক যুৱতীৰ সেয়ে আবেগ জৰ্জৰিত প্ৰকল্প হৈ পৰিছিল গেছ ক্ৰেকাৰ ৷
মুখ্য প্ৰকল্প স্থলীত কৰ্মসংস্থাপনৰ লগতে মুখ্য উদ্দেশ্য আছিল ইয়াৰ ভটিয়নি উদ্যোগ ৷ প্ৰকল্পৰ পৰা উৎপাদিত পলিমাৰৰ যোগেদি বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী স্থানীয় ভাৱে উৎপাদ কৰিব পৰাকৈ সৰু সৰু উদ্যোগ গঢ়াৰ ব্যৱস্থা কৰাৰ কথা দিয়া হৈছিল ৷ যাৰ সহায়তে সেই লাখ লাখ নিবনুৱাই সংস্থাপনৰ সুবিধা পোৱা কথা আছিল ৷
বিলাসী প্ৰচাৰেৰে প্ৰকল্পৰ উদ্বোধনৰ পৰলৈকে উল্লেখ কৰা হৈছিলপ্লাষ্টিক পাৰ্কৰ কথা ৷ বহু আলোচনা, বিবেচনাৰ পাছত প্ৰকল্প নিৰ্মাণৰ সমান্তৰালকৈ আগবঢ়াই নিছিল চৰকাৰে প্লাষ্টিক পাৰ্ক প্ৰতিষ্ঠাৰ দিশটোয়ো ৷ যিহেতু ডিব্ৰুগড়ত গেছ ক্ৰেকাৰ প্ৰকল্প হৈছিল সেয়া তালৈ লক্ষ্য কৰি ডিব্ৰুগড়তে এই প্লাষ্টিক পাৰ্ক স্থাপনৰ বাবে পৰামৰ্শ আগবঢ়াইছিল বহু জন ৷ পৰিবহণ ব্যয় ৰাহি হোৱাৰ উদেশ্যৰে এই প্লাষ্টিক পাৰ্ক ডিব্ৰুগড়তেই হোৱাৰ কামনা কৰা হৈছিল ৷
কিন্তু চৰকাৰৰ দ্বাৰা তিনিচুকীয়া জিলাৰ গেলালিপুখুৰি অঞ্চলতহে নিৰ্মাণৰ সিদ্ধান্ত লোৱা হ'ল প্লাষ্টিক পাৰ্ক ৷ সেই অনুযায়ী প্ৰকল্প নিৰ্মাণৰ পূৰ্বেই অৰ্থাত ২০১১ চনৰ ১৫ ফেব্ৰুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰে প্লাষ্টিক পাৰ্কৰ ৷ প্ৰায় ১৫০০ বিঘাৰ বৃহৎ ভূমিৰ এলেকাটোত সৰ্বমুঠ ১০৪ টা ভটিয়নি উদ্যোগ গঢ় ল'ব পৰাকৈ ঠাই আছে ৷ তথ্য অনুসৰি ইয়াত বৰ্তমানলৈকে মাত্ৰ 3 টা উদ্যোগৰ বাবেহে আগ্ৰহী আগবাঢ়ি আহিছে কিন্তু এটাও উদ্যোগ বৰ্তমানলৈকে কাৰ্যক্ষম হৈ উঠা নাই ৷ ইতিমধ্যে চাৰিসীমাৰ পকী বেৰাৰে আবদ্ধ কৰি ৰখা বৃহৎ ভূমিত মুঠ ৩ টা বৃহৎ ইউনিট, ১৩ টা মধ্যম আৰু ৮৮ টা ক্ষুদ্ৰ ইউনিট গঢ় ল'ব পৰা ঠাই উপলব্ধ যদিও সুদীৰ্ঘ ৯ টা বছৰে হাবি বননি আৰু এৰাবাৰী সদৃশ পৰিৱেশত পৰি ৰৈছে তিনিচুকীয়াৰ এই প্লাষ্টিক পাৰ্কৰ ভূমি ৷