মৰাণ,৯ আগষ্ট:ৰাজ্যৰ বিদ্যালয়সমূহত এতিয়াও কি ভাষাত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব তাক লৈ চলিছে বিতৰ্ক । কাৰ সন্তানে কি ভাষাৰ মাধ্যমৰ বিদ্যালয়ত পঢ়িব তাক লৈ চলিছে প্ৰতিযোগিতা । তেনে সময়ত মৰাণৰ এখন বিদ্যালয়ত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী দৃশ্য । শ্ৰেণীকোঠা এৰি মৰাণৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকল নামিল খেতি পথাৰত(Student in paddy field) ।
পুথিগত শিক্ষাৰ ওপৰিও ছাত্ৰ-ছাত্ৰীক কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে মৰাণৰ বাল্য বিকাশ বিদ্যালয় কৰ্তৃপক্ষৰ এই বিশেষ পদক্ষেপ । কৃষিকৰ্মই এখন বৃহৎ সমাজ কেনেকৈ ধৰি ৰাখে, গ্ৰাম্য জীৱনৰ ৰাইজে পৰস্পৰে কেনেকৈ সহায় লয় আৰু কৰে তাক অনুভৱ কৰোৱাৰ উদ্দেশ্যেই মৰাণৰ বাল্য বিকাশ বিদ্যালয়ত ভুঁই ৰোৱাৰ আয়োজন । সকলো ছাত্ৰ-ছাত্ৰীয়ে পথাৰৰ খেতি-খোলাত নামিছে ।