অসম

assam

ETV Bharat / state

হুইল চেয়াৰত বহিয়েই প্ৰথম বিভাগত উত্তীৰ্ণ মাধুৰ্য দত্ত

মাধুৰ্য দত্ত নামৰ বিশেষভাৱে সক্ষম ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে (Madhurya Dutta secured first division)। হুইল চেয়াৰত বহিয়েই অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰজনে ৬৩ শতাংশ লাভ কৰে ৷

maran
হুইল চেয়াৰত বহিয়েই প্ৰথম বিভাগত উত্তীৰ্ণ মাধুৰ্য দত্ত

By

Published : Jun 10, 2022, 4:12 PM IST

মৰাণ,১০ জুন: মনত অদম্য় হেঁপাহ থাকিলে যি কোনো অসম্ভৱ কামকে সম্ভৱ কৰিব পাৰে । প্ৰৱল ইচ্ছা থাকিলে কঠিন বাধা নেওঁচি হেলাৰঙে আগবাঢ়িব পাৰে । চাবুৱাৰ এজন বিশেষভাৱে সক্ষম ছাত্ৰই এই কথাকে প্ৰমান কৰিলে । মাধুৰ্য দত্ত নামৰ বিশেষভাৱে সক্ষম ছাত্ৰজনে সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত (Specially enabled Madhurjya secured first division) উত্তীৰ্ণ হয় । হুইল চেয়াৰত বহিয়েই অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰজনে ৬৩ শতাংশ লাভ কৰে ।

চাবুৱা নগৰৰ ৮ নম্বৰ ৱাৰ্ডৰ নিবাসী মুকুট দত্ত আৰু মমী দত্তৰ জ্যেষ্ঠ পুত্ৰ মাধুৰ্যই টিউচনৰ অবিহনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । সমন্ধীয় ভ্ৰাতৃ তথা সহপাঠীৰ সহযোগত মাধুৰ্যই অধ্য়য়ণ কৰিছিল । অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনৰ এই সাফল্য়ই চাবুৱা অঞ্চলৰ ৰাইজক উৎফুল্লিত কৰিছে । আৰ্থিক অনাতনৰ মাজত চলা ছাত্ৰজনৰ ঘৰত বিভিন্নজন উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে বহুজনে প্ৰদান কৰিছে আৰ্থিক সাহায্য় ।

ইপিনে, শুকুৰবাৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈয়ে সংগঠনটোৰ নেতা কৰ্মীসকলৰ লগত উপস্থিত হৈ ছাত্ৰজনক গামোচা, জাপিৰে সম্বৰ্ধনা জনোৱাৰ লগতে ৫০ হেজাৰ টকাৰে সহায় আগবঢ়ায় ।

আনহাতে, অজয় গগৈয়ে অঞ্চলটোত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ অতি দৰিদ্ৰ পৰিয়াল আৰু ১০ জন ছাত্ৰক লাহোৱাল মহাবিদ্যালয়ত নামভৰ্তি কৰোৱাৰ লগতে সম্পূৰ্ণ ব্য়য় বহন কৰাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক:দুখন শিক্ষানুষ্ঠানৰ ছাত্ৰৰ মাৰপিটক লৈ উত্তপ্ত নগাঁৱৰ পানীগাঁও

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details