ডিব্ৰুগড়, 5 ছেপ্তেম্বৰ :চৰ্চাত পুনৰ ৰিণ্টু শৰ্মাৰ প্ৰসংগ ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে নন্দিতা শইকীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰিণ্টু শৰ্মা ৷ বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে অভিযুক্তগৰাকী ৷
ঘটনাৰ বিৱৰণী অনুসৰি, চিকিৎসাৰ বাবে শনিবাৰে নিশাৰ ভাগত ধেমাজি চিভিল হাস্পতাললৈ নি থকা হৈছিল ৰিণ্টু শৰ্মাক ৷ কিন্তু আদবাটতে ঘটে অঘটন ৷ আৰক্ষীৰ মাৰণাস্ত্ৰ লৈ পলাই যাবলৈ চেষ্টা কৰে অভিযুক্ত ৰিণ্টুই ৷ তাৰ পাচতে আৰক্ষী আৰু অভিযুক্তগৰাকীৰ মাজত সৃষ্টি হয় খণ্ডযুদ্ধৰ ৷ পৰৱৰ্তী সময়ত আত্মৰক্ষাৰ স্বাৰ্থত উপায়ন্তৰ হৈ ধেমাজি আৰক্ষীয়ে ৰিণ্টু শৰ্মাক উদ্দেশ্যি কৰে গুলীচালনা ৷ আৰক্ষীৰ গুলীয়ে আঘাত কৰে ৰিণ্টুৰ ভৰিত ৷
লগতে পঢ়ক:নন্দিতাৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী জাতীয় মহিলা পৰিষদৰ
পৰৱৰ্তী সময়ত শনিবাৰে প্ৰায় মাজনিশা আৰক্ষীয়ে গুলীবিদ্ধ ৰিণ্টুক ভৰ্তি কৰোৱা হয় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ AMCH ৰ জৰুৰীকলীন বিভাগত সম্প্ৰতি চিকিসাধীন হৈ আছে ৰিণ্টু ৷ AMCH ৰ অধ্যক্ষই প্ৰকাশ কৰা অনুসৰি, ধেমাজি কাণ্ডৰ অভিযুক্তগৰাকীৰ স্বাস্থ্য বৰ্তমান পূৰ্বতকৈ উন্নত হৈছে ৷ দুই-এদিনৰ ভিতৰতে আঘাতপ্ৰাপ্ত ভৰিখনৰ অস্ত্ৰোপ্ৰচাৰ কৰা হ’ব ৷