অসহায় প্ৰেমিকৰ সন্মুখতে যুৱতীক দলবদ্ধ ধৰ্ষণ
টিংখাং থানাৰ অন্তৰ্গত লাক্ৰীবাম চাহ বাগিচাত দলবদ্ধ ধৰ্ষণৰ ঘটনা৷ ধৰ্ষণকাৰীক উত্তম মধ্যম স্থানীয় ৰাইজৰ
টিংখাং, 17 আগষ্টঃ টিংখাং থানাৰ অন্তৰ্গত লাক্ৰীবাম চাহ বাগিচাত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ দেওবাৰে বাগিচাখনৰ পকা লাইনৰ এগৰাকী যুৱতীয়ে প্ৰেমিকৰ সৈতে সন্ধিয়া ফুৰিবলৈ যোৱাৰ সময়তে একেখন বাগিচাৰে ছত্ৰিছকণা গাঁৱৰ জনেল লাক্ৰা, দীপ এক্কা আৰু ৰিজু কুজুৰ নামৰ তিনিজন যুৱকে যুৱতী গৰাকীৰ প্ৰেমিকক দাবী ধমকিৰে খেদি পঠিয়াই আৰু যুৱতী গৰাকীক বাগিচাৰ মাজলৈ নি তিনি পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰে ৷ শুকুৰবাৰে এই ঘটনা পোহৰলৈ অহাত যুৱক কেইজনক স্থানীয় ৰাইজে কৌশলেৰে মাতি আনি কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও ৰিজু কুজুৰ নামৰ ধৰ্ষণকাৰীটো পলাই যায় । ইয়াৰ পাছতে ৰাইজে দুই যুৱকক উত্তম মধ্যম সোধাই অৰ্ধ-উলংগ কৰি ডিঙিত জোতা চেণ্ডেলৰ মালা পিন্ধাই কেইবা কিলোমিটাৰ পথ খোজকঢ়াই নি টিংখাং আৰক্ষীক গতাই দিয়ে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে তিনি অভিযুক্তৰ বিৰুদ্ধে টিংখাং থানাত এজাহাৰ দাখিল কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে ৷