অসম

assam

By

Published : Mar 18, 2021, 10:29 PM IST

Updated : Mar 19, 2021, 7:27 AM IST

ETV Bharat / state

অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি আছে ৰাহুল-প্ৰিয়ংকা

শুকুৰবাৰে ডিব্ৰুগড়ত উপস্থিত হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ দুদিনীয়া ভ্ৰমণসূচীৰে কংগ্ৰেছ নেতাগৰাকী অসমলৈ আহিব বুলি সবিশেষ সদৰী কৰে অখিল ভাৰত কংগ্ৰেছ কমিটিৰ সচিব বিকাশ উপাধ্যায়ে ।

rahul-gandi-and-priyanka-gandhi-will-go-to-dibrugarh
ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰিব ৰাহুল-প্ৰিয়ংকাই

ডিব্ৰুগড়,18 মাৰ্চ: ডিব্ৰুগড়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ সবিশেষ সদৰী কৰে অখিল ভাৰত কংগ্ৰেছ কমিটিৰ সচিব বিকাশ উপাধ্যায়ে । শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ডিব্ৰুগড় বিমান বন্দৰত অৱতৰণ কৰিয়েই লাহোৱাল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ভাগ ল’ব বাৰ্তালাপত ৷

ইয়াৰ পাছতেই চাবুৱাৰ দিনজয় চাহ বাগিচাৰ সভাত অংশগ্ৰহণ কৰি পুনৰ ডুমডুমাৰ আন এখন সভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে । আনহাতে, 20 মাৰ্চত যোৰহাটলৈ গৈ মৰিয়নীৰ এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে গহপুৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।

ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰিব ৰাহুল-প্ৰিয়ংকাই

পৰৱৰ্তী সময়ত তেওঁ হেলিকপ্তাৰযোগে নাজিৰাত অৱতৰণ কৰি ৰাজহুৱা সভা সম্বোধন, তাৰ পাচত গোলাঘাটৰ খুমটাইত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । 22 মাৰ্চত ক্ৰমে সৰুপথাৰ, কলিয়াবৰ, বটদ্ৰৱাত ৰাজহুৱা সভা আৰু বটদ্ৰৱা সত্ৰ দৰ্শন কৰিব ।

আনহাতে, ইটালীৰ পৰা ৰাহুল গান্ধীৰ পৰিয়ালে প্ৰচাৰ কৰিবলৈ অসম আহিলেও লাভ নাই বুলি বিজেপিৰ বিমল বৰাই কটাক্ষ কৰা বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিকাশ উপাধ্যায়ে ৷ সংবাদমেলত উপস্থিত থাকি ৰাজনীতি কৰিবলৈ গৈ পৰিয়ালক টানি অনাতো নিকৃষ্টতা বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা পৱন সি ঘাটোৱাৰে ৷

লগতে পঢ়ক :বঙাইগাঁৱত শংকৰ প্ৰসাদ ৰায়ৰ মনোনয়ন দাখিল

Last Updated : Mar 19, 2021, 7:27 AM IST

ABOUT THE AUTHOR

...view details