অসম

assam

ETV Bharat / state

হাতৰ মুঠিত আই মাতৃ অসমৰ মাটি লৈ শপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মূখত প্ৰতিবাদী শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতাৰ হাস্যৰসাত্মক কাৰ্টুন সম্বলিত পোষ্টাৰ আৰু অগপক ককৰ্থনা শ্লোগানেৰে কেবৰ বিৰোধিতা কৰে ৷

Dibrugarh
অসমৰ মাটি হাতত লৈ শপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

By

Published : Dec 2, 2019, 9:31 PM IST

Updated : Dec 2, 2019, 11:11 PM IST

ডিব্ৰুগড়, 2 ডিচেম্বৰঃ সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে হাতৰ মুঠিত আই মাতৃ অসমৰ মাটি লৈ কোনো কাৰণতেই কেব গ্ৰহণ কৰিবলৈ দিয়া নহ'ব বুলি শপত গ্ৰহণ কৰে ৷ আছু আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত বিশ্ববিদ্যালয়খনৰ প্ৰৱেশদ্বাৰ জ্যোতি বাট চ'ৰাত কেইবাশ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিজ্ঞাৰে কেবৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷

অসমৰ মাটি লৈ শপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

লগতে পঢ়কঃ বিতৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'আইডল'ঃ অনিশ্চয়তাত 73,912 শিক্ষাৰ্থীৰ ভৱিষ্যৎ

ইয়াৰোপৰিও প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে বিশ্ববিদ্যালয়খনৰ প্ৰৱেশৰ পকী পথত বৃহৎ বৃহৎ আখৰেৰে ন' কেব, সৰ্বানন্দ গ' বেক বুলি লিখিও প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশ্ববিদ্যালয়ৰ সন্মূখত বগা চাদৰটো লিখি শিক্ষাৰ্থীসকলে উৰুৱায় বিজেপি+এজিপি=গ' বেক, ন' কেব । কেবৰ বিৰোধিতাৰে শিক্ষাৰ্থীসকলে 'আজি অসম দিৱসৰ পৱিত্ৰ ক্ষণত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে মহান বীৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিচ্ছবি সম্মুখত লৈ অসমীয়া খিলঞ্জীয়া জনগণৰ জাতি, মাটি, ভাষা, সংস্কৃতি আৰু ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষতা ৰক্ষা কৰিবৰ কাৰণে নিজৰ কেঁচা মাটিৰ শপত লৈছো, যিকোনো পৰিস্থিতি যিকোনো মূল্যৰ বিনিময়ত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে, আমি খিলঞ্জীয়া জনগণই নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলওঁ' বুলি শপত গ্ৰহণ কৰে ৷

অসমৰ মাটি লৈ শপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

আছুৰ কেন্দ্ৰীয় নেতা চিত্ৰৰঞ্জন বসুমতাৰীৰ উপস্থিতত এইদৰে প্ৰতিবাদেৰে কঁপি উঠিল উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ ডিব্ৰুগড় । ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ ছাত্ৰই নিজৰ তেজেৰে মুখ্যমন্ত্ৰীলৈ চিঠি লিখি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । আজিৰ পৰা কেব বাতিল নোহোৱা পৰ্যন্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰতি দিনেই আন্দোলন কৰিব বুলিও পণ লয় । বিশ্ববিদ্যালয়ৰ সন্মূখত প্ৰতিবাদী শিক্ষাৰ্থী সকলে মুখ্যমন্ত্ৰী সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতাৰ হাস্যৰসাত্মক কাৰ্টুন সম্বলিত পোষ্টাৰ আৰু অগপক ককৰ্থনা শ্লোগানেৰে কেবৰ বিৰোধিতা কৰে ৷

Last Updated : Dec 2, 2019, 11:11 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details