মৰাণ, ২২ জুন:ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ প্ৰকাশ কৰাৰ পিচতেই বিভিন্ন ৰাজনৈতিক দল-সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ৰাজ্য়ৰ বিভিন্ন ঠাইত এই বিষয়ক লৈ আৰম্ভ হৈছে প্ৰতিক্ৰিয়া । লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰতিবাদত বৃহস্পতিবাৰে লাহোৱালৰ সচেতন ৰাইজে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
১৯৫৭ চনতে গঠন হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণ হোৱাক লৈ লাহোৱাল সমষ্টিৰ একাংশ দল-সংগঠনৰ নেতৃবৰ্গই কালি ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই আজি লাহোৱালৰ সচেতন ৰাইজে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । লাহোৱাল সমষ্টিত থকা বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ ঐক্যবদ্ধ মিলনক ভাগ ভাগ কৰিবলৈ বিচৰা বিজেপি চৰকাৰৰ যি এক ষড়যন্ত্ৰকাৰী সিদ্ধান্ত সেয়াই লাহোৱাল সমষ্টিৰ ৰাইজক হতচকিত কৰি তুলিছে ।
লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ সিদ্ধান্ত পূৰ্ণ হ'বলগীয়া হয় তেন্তে এই সমষ্টিৰ অৰ্ন্তভুক্ত হৈ থকা পঞ্চায়ত সমূহৰ অন্তগৰ্ত গঞা ৰাইজে উন্নতিৰ মুখ নেদেখিব । আনকি নিজৰ ওজৰ আপত্তি সমূহ বিধায়কক উপস্থাপন কৰিবলৈ যোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ আশংকাত ভুগিব বুলি উল্লেখ কৰিছে প্ৰতিবাদকাৰী ৰাইজে । কিয়নো লাহোৱাল সমষ্টিৰ অৰ্ন্তগত লোকসকল এতিয়া চাৰিটা সমষ্টি ক্ৰমে - টিংখাং, চাবুৱা, ডিব্ৰুগড় আৰু দুলীয়াজান সমষ্টিৰ অন্তভুৰ্ক্ত হ'ব । ইয়াৰ ফলশ্ৰুতিত কিন্তু বৰ্তমান লাহোৱাল সমষ্টিৰ অন্তগৰ্ত লোকসকল ভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিব ৷