মৰাণ, ১৭ আগষ্ট : নাহৰকটীয়াত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰৰ ঘটনাই লৈছে নতুন মোৰ (student Body found mysteriously in Naharkatia) । প্ৰকৃততে আত্মহত্যা নহয়, অতি পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ১৩ বছৰীয়া কিশোৰী দীক্ষিতা গগৈক । বিগত ৮ আগষ্টত নাহৰকটীয়া চহৰৰ মাজমজিয়াত থকা এটা ভাড়াঘৰত ডিঙিত চিপ লগোৱা অৱস্থাত উদ্ধাৰ হৈছিল চহৰখনৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত দীক্ষিতা গগৈ নামৰ ১৩ বছৰীয়া ছাত্ৰীগৰাকীৰ মৃতদেহ ।
ঘৰত কোনো নথকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰথমাৱস্থাত পিতৃ-মাতৃয়ে এজাহাৰ দাখিল কৰিছিল (Girl student suicided in Naharkatia)। স্থানীয় লোকেও অভিভাৱকে দিয়া অত্যধিক পঢ়াৰ বোজাৰ বাবেই ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰকাশ কৰিছিল (girl committed suicide due to burden of excessive reading) ।
পিছে এই ঘটনাৰ সাতটাকৈ দিন অতিক্ৰম কৰাৰ পিছত পোহৰলৈ আহিছে ঘটনাৰ প্ৰকৃত কাৰণ । আত্মহত্যা নহয়, প্ৰকৃততে হত্যা কৰা হৈছিল ১৩ বছৰীয়া কিশোৰী দীক্ষিতা গগৈক (13 year old girl Dikshita Gogoi murdered in Naharkatia) । মৃত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ ক্ৰমে বীণাপাণি গগৈ আৰু আদিত্য গগৈৰ অভিযোগৰ ভিত্তিত তেওঁলোকে বাস কৰা ভাড়াঘৰটোৰ গৰাকীৰ পুত্ৰ সুব্ৰত দেৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (son of owner of rented house arrested relating murder) ।