ডিব্ৰুগড়ত বাইকত অহা দুৰ্বৃত্তই পুনৰ লুটিলে ধন
ডিব্ৰুগড়ত পুনৰ চিলনী চোৰৰ তাণ্ডৱ ৷ অৰুণ গোহাঁই নামৰ লোক জনে ডিব্ৰুগড় এক্সিছ বেংকৰ পৰা ১ লাখ ৭০হেজাৰ টকা উলিয়াই পথেৰে গৈ থকা অৱস্থাত সদৰ থানাৰ সমীপৰ পৰা মটৰচাইলেত অহা দুটা চিলনী চোৰে ঠপিয়াই নিয়ে টকাৰ বেগটো
ডিব্ৰুগড় 7 জুলাইঃডিব্ৰুগড়ত পুনৰ চিলনী চোৰৰ তাণ্ডৱ ৷ অৰুণ গোহাঁই নামৰ লোক জনে ডিব্ৰুগড় এক্সিছ বেংকৰ পৰা ১ লাখ ৭০হেজাৰ টকা উলিয়াই পথেৰে গৈ থকা অৱস্থাত সদৰ থানাৰ সমীপৰ পৰা মটৰচাইলেত অহা দুটা চিলনী চোৰে ঠপিয়াই নিয়ে টকাৰ বেগটো । চাবুৱাৰ নিবাসী অৰুণ গোহাঁই এজন ক্ষুদ্ৰ চাহ খেতিয়কে ভাতৃৰ চিকিৎসাৰ বাবে বেংকৰ পৰা উলিয়াই নিছিল টকা খিনি। উল্লেখ্য যে নম্বৰ প্লেট বিহীন পালচাৰ বাইকত আহিছিল যুৱক দুজন ৷ অৰুণ গোহাঁইয়ে যুৱক দুজনক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নহল ৷ অৰুণ গোহাঁইয়ে এই সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে৷ ডিব্ৰুগড় চহৰত ইয়াৰ পূৰ্বেও এনে কেইবাটাও ঘটনা সংঘটিত হৈছে কিন্তু আজিলৈকে কোনো এজন অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷