মৰাণ,৪ অক্টোবৰ :অহা ৮ অক্টোবৰত অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা (State BJP headquarters to be opened on October 8)। খানাপাৰাত অনুষ্ঠিত হ'ব বিজেপিৰ বিশাল জনসভা । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ উপস্থিতিত অনুষ্ঠিত হ'বলগা বিশাল জনসভাত ৰাজ্যৰ বহুকেইজন কংগ্ৰেছ নেতাই যোগদান কৰিব বুলি ব্যাপক চৰ্চা চলিছিল ।
কিন্তু কংগ্ৰেছ নেতাৰ যোগদানৰ খবৰে বিজেপিৰ বৰ্তমানৰ নেতা-বিধায়কৰ মাজত অসন্তুষ্টি প্ৰকাশ পোৱাৰ পাছতে যোগদান কাৰ্যসূচী বাতিল কৰা বুলি জানিব পৰা গৈছে (8th Oct BJP joining program cancel)। এই সন্দৰ্ভত মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী যোগেন মহনে (Jogen Mahan on cancellation of BJP join program)।