টিংখাং 31 মে’: বিদ্যুৎ চুৰি কাৰ্যৰ সৈতে জড়িত লোকসকললৈ সতৰ্কবাণী শক্তি মন্ত্ৰী বিমল বৰাৰ । আগন্তুক দিনত বিদ্যুৎ চুৰি কাৰ্য কঠোৰ হাতেৰে দমন কৰা হ'ব । এইক্ষেত্ৰত বিদ্যুৎ বিভাগক কঠোৰ নিৰ্দেশ জাৰি কৰিছে মন্ত্ৰী গৰাকীয়ে ।
ৰাজ্যৰ ২৬ হাজাৰ ৰাজহ গাঁৱৰ প্ৰায় ৬৩ লাখ উপভোক্তাক উন্নত মানদণ্ডৰ আৰু সহজলভ্য বিদ্যুৎ যোগান ধৰা হ'ব বুলি সদৰি কৰিছে মন্ত্ৰী বিমল বৰাই । সোমবাৰে টিংখাঙৰ সাংবাদিকসকলৰে হোৱা এক মত বিনিময় অনুষ্ঠানত, শক্তি খণ্ডৰ আমূল পৰিৱৰ্তনৰ ইংগিত দিয়ে মন্ত্ৰী গৰাকীয়ে ।
বিদ্যুৎ চুৰি কৰা লোকক নাকী লগাবলৈ প্ৰস্তুত বিমল বৰা অসম মন্ত্ৰীসভাৰ কোনো এটা বিভাগেই গুৰুত্বহীন নহয় বুলি কোৱাৰ লগতে সকলো বিভাগতে ৰাইজৰ গভীৰ আশা-আকাংক্ষা নিহিত হৈ থাকে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । আগন্তুক দিনত অসমৰ পৰ্যতন ক্ষেত্ৰখনতো গতিশীলতা অনাৰ হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, এই অনুষ্ঠানতে টিংখাং সমষ্টিৰ সাংবাদিক সন্থাৰ তৰফৰ পৰা মন্ত্ৰীগৰাকীক সঁফুৰা, চেলেং চাদৰ, ফুলাম গামোছাৰে উষ্ম আদৰণি জনোৱা হয় ৷
লগতে পঢ়ক:কিয় মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ ?