অসম

assam

ETV Bharat / state

চৰাইদেউত ৰ'দ-বৰষুণৰ ফলত নষ্ট হৈছে বহু মূল্যবান ঔষধ

চৰাইদেউৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰ'দে বৰষুণে পৰি থাকি নষ্ট হৈছে বহু মূল্যবান ঔষধ ৷ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ শীঘ্ৰেই এটা ঔষধৰ ভঁৰাল নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান সচেতন মহলৰ ৷

Many valuable medicines have been damaged due to rain in Charaideo
চৰাইদেউত ৰ'দ-বৰষুণৰ ফলত নষ্ট হৈছে বহু মূল্যবান ঔষধ

By

Published : May 22, 2022, 2:11 PM IST

মৰাণ, 22 মে’ : চৰাইদেউৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰ'দে বৰষুণে পৰি থাকি নষ্ট হৈছে বহু মূল্যবান ঔষধ ৷ তথাপিও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ ইফালে ৰাজ্যৰ প্ৰায় সংখ্যক জিলা এতিয়াও বানৰ কবলত (Flood in Assam) । কিছু সংখ্যক জিলাত পানী কমি যোৱাৰ লগে লগে বহু লোক আক্ৰান্ত হৈছে বিভিন্ন বেমাৰত ৷

চৰকাৰী চিকিৎসালয়ত এতিয়া সৃষ্টি হৈছে ৰোগীৰ হাহাকাৰ সদৃশ পৰিবেশ । ক'ৰবাত যদি চিকিৎসক নাই ক'ৰবাত আকৌ ঔষধ নাই । তেনে সময়তে চৰাইদেউ জিলাত ৰ'দে বৰষুণে পৰি থাকি নষ্ট হৈছে বহু মূল্যৱান ঔষধ (Many valuable medicines have been damaged due to rain ) । জিলাখনৰ সদৰ সোণাৰিত ৰ'দে বৰষুণে পৰি থাকি নষ্ট হৈছে ৰাজ্য চৰকাৰে যোগান ধৰা বহু মূল্যৱান ঔষধ । ঔষধ থবলৈ পৰ্যাপ্ত ঠাইৰ অভাৱ হোৱা হেতুকে এই ঘটনা সংঘটিত হৈছে ৷

চৰাইদেউত ৰ'দ-বৰষুণৰ ফলত নষ্ট হৈছে বহু মূল্যবান ঔষধ

চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰাংগণত সংঘটিত হোৱা এই ঘটনাই সচেতন লোকক চিন্তিত কৰি তুলিছে ৷ জানিব পৰা মতে, জিলাখনত চৰকাৰী ঔষধৰ ভঁৰাল নথকাৰ বাবে ৰাজ্য চৰকাৰে জিলাখনৰ দৰিদ্ৰ ৰোগী সকলৰ বাবে যোগান ধৰা ঔষধ সমূহ ৰ'দে বৰষুণে পৰি থাকি নষ্ট হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত অতিশীঘ্ৰে এটা ঔষধৰ ভঁৰাল নিৰ্মাণ কৰিবলৈ সচেতন মহলে আহ্বান জনাইছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক।

লগতে পঢ়ক :Tense Situation at Batadrava : পৰিস্থিতি পৰিদৰ্শন কৰি কি ক’লে বিধায়িকা শিৱামণি বৰাই ?

ABOUT THE AUTHOR

...view details