অসম

assam

ETV Bharat / state

মাহমৰাত মাণিক গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ লুৰিণৰ

চৰকাৰ গঠন হ'লে প্ৰথম কাম হ'ব ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা । এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ।

মাহমৰাত মানিক গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ লুৰিণজ্যোতি গগৈৰ
মাহমৰাত মানিক গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ লুৰিণজ্যোতি গগৈৰ

By

Published : Mar 24, 2021, 6:53 PM IST

মৰাণ,24 মাৰ্চঃ ৰাজ্যত এইবাৰ জাতীয়তাবাদৰ চৰকাৰ গঠন হ'ব । সাম্প্ৰদায়িক শক্তিক উৎখাত কৰিবলৈ ৰাইজে জাতীয়তাবাদৰ পক্ষত ভোট দিব । চৰকাৰ গঠন হ'লে প্ৰথম কাম হ'ব ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা । এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ । মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকুৱাত মঙলবাৰে অনুষ্ঠিত এজেপিৰ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে ।

মাহমৰাত মাণিক গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ লুৰিণজ্যোতি গগৈৰ

১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী মাণিক গগৈৰ সমৰ্থনত অনুষ্ঠিত হৈছিল এই সভা । লাকুৱাৰ গোমধৰ কোঁৱৰ ক্ৰীড়াংগনত অনুষ্ঠিত নিৰ্বাচনী সভাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা দেখা যায় । অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, লাকীমণি বৰুৱাই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ।

লগতে পঢ়কঃ ৮ এপ্ৰিলত অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details