অসম

assam

ETV Bharat / state

Assam Sanmilita Mahasangha: মৰাণত খিলঞ্জীয়া জনগোষ্ঠীৰ মহাসভা আৰম্ভ - Khilonjia jonogusthi mohasabha

মৰাণত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত খিলঞ্জীয়া জনগোষ্ঠীৰ মহাসভা আৰম্ভ(Khilonjia jonogusthi mohasabha starts at Moran) ৷ উচ্চতম ন্যায়ালয়ত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ বাবে চলি থকা গোচৰৰ চতুৰ্থ সাংবিধানিক বিচাৰপীঠৰ সন্দৰ্ভত হ'ব গুৰুত্বপূৰ্ণ আলোচনা ৷

Khilonjia jonogusthi mohasabha started in Moran
Khilonjia jonogusthi mohasabha: মৰাণত খিলঞ্জীয়া জনগোষ্ঠীৰ মহাসভা আৰম্ভ

By

Published : Dec 3, 2022, 10:25 PM IST

ডিব্ৰুগড়, 3 ডিচেম্বৰ: অসম সন্মিলিত মহাসংঘৰ উদ্যোগত আজিৰে পৰা মৰাণত আৰম্ভ হৈছে খিলঞ্জীয়া জনগোষ্ঠীৰ মহাসভা (Khilonjia jonogusthi mohasabha starts at Moran)। মৰাণৰ টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ সভাগৃহত আৰম্ভ হৈছে এই খিলঞ্জীয়া জনগোষ্ঠীৰ মহাসভাখন । আজি এই অভিৱৰ্তনখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক, টাই সংস্কৃতিৰ গৱেষক তথা মৰাণস্থিত টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° গিৰিণ ফুকনে ।

Khilonjia jonogusthi mohasabha: মৰাণত খিলঞ্জীয়া জনগোষ্ঠীৰ মহাসভা আৰম্ভ

অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হয় আজিৰ উদ্বোধনী সভাখন ৷ আজিৰ উদ্বোধনী অনুষ্ঠানত সদৌ অসম আহোম সভাৰ সভাপতি উমাকান্ত কোঁৱৰ, মণিপুৰী সাহিত্য পৰিষদ; অসমৰ উপ-সভাপতি বিদ্যা বাবু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷ অনুষ্ঠানৰ আঁত ধৰে সন্মিলিত মহাসংঘৰ ভাৰপ্ৰাপ্ত মহাসচিব ৰবিন শইকীয়াই ৷ দুদিনীয়া এই অভিৱৰ্তনত চাৰিখনকৈ অধিবেশন অনুষ্ঠিত হ'ব বুলি উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দিছে ৷

অসম ভূ-খণ্ডৰ খিলঞ্জীয়া নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ বাবে সন্মিলিত মহাসংঘৰ আবেদনৰ ভিত্তিত দেশৰ উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰৰ চতুৰ্থ সাংবিধানিক বিচাৰপীঠৰ সন্দৰ্ভত এই অভিৱৰ্তনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ উক্ত চতুৰ্থ সাংবিধানিক বিচাৰপীঠত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ দাবী চনদ ২০০৭-ৰ অধীনত বিদেশী-স্বদেশীৰ ভিত্তিবৰ্ষ, বিদেশীৰ নাগৰিকত্ব, বিদেশীৰ সন্তানৰ নাগৰিকত্বকে ধৰি বহুকেইটা বিষয়ত চূড়ান্ত সিদ্ধান্ত হ'ব বুলি জানিবলৈ দিছে মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে ৷

খিলঞ্জীয়া সকলে নিজৰ অধিকাৰ তথা অস্তিত্ব উদ্ধাৰৰ বাবে কেনেদৰে কি পন্থা গ্ৰহণ কৰিব সেই উদ্দেশ্যৰেই মহাসভাখনৰ আয়োজন কৰা হৈছে বুলি অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

সমগ্ৰ বিষয়টো সন্দৰ্ভত এই অভিৱৰ্তনত মহাসংঘৰ অংশীদাৰ অসমৰ ১০২ টা খিলঞ্জীয়া সংগঠন, অনুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি কাৰ্যকৰী সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:Finance Minister Ajanta Neog review meeting: বাজেট আৱণ্টিত পুঁজিৰ সময়মতে সম্পূৰ্ণ সদ্যৱহাৰ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ বিত্তমন্ত্রীৰ

ABOUT THE AUTHOR

...view details