মৰাণ, 8 জুলাই :মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP)ৰ মৰাণ শাখা সমিতি । "তথ্য জনা অধিকাৰ আইন"(RTI)ৰ জৰিয়তে অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ কাৰ্যকালত সংঘটিত হোৱা বিভিন্ন অনিয়ম তথা দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতে বিতৰ্কিত অধ্যক্ষা গৰাকীৰ বিৰুদ্ধে সৰৱ হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP) ৷ অতি শীঘ্ৰে তেওঁক মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা পদৰ পৰা নিলম্বনৰ দাবীৰে বৃহস্পতিবাৰে মহাবিদ্যালয় খনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য সকলে ৷ প্ৰতিবাদস্থলীত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷
ইয়াৰোপৰি দুৰ্নীতিগ্ৰস্ত তথা বিৰ্তকিত অধ্যক্ষা গৰাকীক শীঘ্ৰে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা পদৰ পৰা নিলম্বন কৰাৰ দাবী জনোৱাৰ লগতে দুৰ্নীতিৰ তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে । এনে বিতৰ্কিত অধ্যক্ষাক মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে দল-সংগঠনে কেতিয়াও গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰী সকলে ৷ লগতে বিতৰ্কিত অধক্ষা গৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয় খনৰ শিক্ষক সমাজে কিয় এক উচিত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷