অসম

assam

ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে সৰৱ শিক্ষক সমাজ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰঞ্জিত তামুলীৰ বিৰুদ্ধে সৰৱ বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ ৷ উপাচাৰ্য গৰাকীয়ে শিক্ষকক অভব্য আচৰণ কৰাৰ অভিযোগ ৷ অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বজন কাৰ্যসূচী শিক্ষক সমাজৰ ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে সৰৱ শিক্ষক সমাজ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে সৰৱ শিক্ষক সমাজ

By

Published : Jan 8, 2021, 8:39 AM IST

ডিব্ৰুগড়, 8 জানুৱাৰী:অভিযোগ অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰঞ্জিত তামুলীয়ে শিক্ষক সমাজক মুকলিকৈ কৰা অভব্য আচৰণ আৰু অশ্লীল গালি-গালাজৰ বাবে বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ ক্ষুন্ন হৈছে তেওঁৰ বিৰুদ্ধে । উপাচাৰ্যগৰাকীয়ে বিশ্ববিদ্যালয়ত পাঠদান চলি থকাৰ মাজতে পদাৰ্থ বিজ্ঞান বিভাগত প্ৰৱেশ কৰি প্ৰথমে বিভাগৰ মুৰব্বী শিক্ষক গৰাকীক বিচাৰে । মুৰব্বী গৰাকীক উপস্থিত থকা নেদেখি সকলো শিক্ষকক উপাচাৰ্য গৰাকীয়ে অতি অভব্য আচৰণ কৰে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে সৰৱ শিক্ষক সমাজ

সিমানতে ক্ষান্ত নহৈ শিক্ষক সমাজক ভাবুকিও প্ৰদান কৰা বুলি অভিযোগত উত্থাপন হৈছে । প্ৰকৃততে পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী গৰাকী ব্যস্ত আছিল বিশ্ববিদ্যালয়ে আয়োজন কৰা এখন সভাত । তথাপিও ছাত্ৰ সমাজৰ আগত উপাচাৰ্য গৰাকীয়ে কৰা আচৰণত সকলো হতভম্ব হৈ পৰে শিক্ষকসকল । যাৰ প্ৰতিবাদস্বৰূপে ডিএমই মিটিঙৰ সিদ্ধান্ত অনুযায়ী শুকুৰবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সমূহ শিক্ষকে শ্ৰেণী বজন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীৰ কৰ্মকাণ্ডক লৈ তীব্ৰ সৃষ্টি চাঞ্চল্যৰ ।

লগতে পঢ়ক:মঙলদৈ আৰ্ৱত ভৱনত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details