ডিব্ৰুগড়,20 এপ্ৰিল :আংশিক লকডাউনৰ মাজতে ডিব্ৰুগড়ত উঠিছে ড্ৰাগছ, গাঞ্জা, হেৰ'ইন আৰু বিলাতী সুৰাৰ উজান । ক’ৰবাত যদি কেজিয়ে কেজিয়ে গাঞ্জা, আনফালে ক’ৰবাত পোৱা গৈছে নিষিদ্ধ ব্ৰাউন ছুগাৰ, হেৰ'ইন তথা বটলে বটলে অবৈধ বিলাতী সুৰা। মুঠৰ ওপৰত লকডাউনত চাউল-দাইল আলু মিঠাতেল সহজে পোৱা নগলেও তেনেই সহজলভ্য হৈ উঠিছে ড্ৰাগছ, গাঞ্জা তথা সুৰা আদি নিচাজাতীয় সামগ্ৰী ।
উল্লেখযোগ্য যে, ডিব্ৰুগড়ত বৃহস্পতিবাৰৰ দিনটোৰ ভিতৰতে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে এক প্ৰকাৰৰ অবিৰত অভিযান । বৃহস্পতিবাৰে পুৱা চহৰৰ মাজ মজিয়াৰ পাঁচ আলিৰ পৰা 27 কিলোগ্ৰাম গাঞ্জা জব্দ সহ এজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে পাচবেলা আকৌ লাহোৱাল থানাৰ অন্তৰ্গত ডিব্ৰৱাল চাংমাই গাঁৱৰ পৰা প্ৰাঞ্জল হাজৰিকা নামৰ এজন যুৱকৰ পৰা একেলগে 21.52 গ্ৰাম সন্দেহযুক্ত ব্ৰাউন ছুগাৰ, 6.30 গ্ৰাম হেৰইন সহ, 11 কেছ অৰুণাচলী বিলাতী সুৰাৰ লগতে 5600 টকা নগদ ধন জব্দ কৰে । গ্ৰেপ্তাৰ কৰা সময়ত ধৃত প্ৰাঞ্জলৰ পৰা জব্দ কৰা হয় এখন স্কুটিও ।