অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সভা

ডাঃ জন বেৰী হোৱাইট মেডিকেল স্কুল হেৰীটেজ মিউজিয়াম কমপ্লেক্সৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সম্পৰ্কে আলোচনাৰ বাবে কাৰ্যকৰী সমিতিৰ সভা সম্পন্ন ৷ ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন ৷

By

Published : Apr 12, 2021, 8:41 PM IST

Deputy commissioner of Dibrugarh attend an important meeting
ডিব্ৰুগড়ত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত গুৰুত্বপূৰ্ণ সভা

মৰাণ,12 এপ্ৰিল: ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে ডাঃ জন বেৰী হোৱাইট মেডিকেল স্কুল হেৰীটেজ মিউজিয়াম কমপ্লেক্সৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সম্পৰ্কে আলোচনাৰ বাবে কাৰ্যকৰী সমিতিৰ এখন সভা অনুষ্ঠিত হয় । ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয় উক্ত সভা ৷

সভাত ডাঃ জন বেৰী হোৱাইট মেডিকেল স্কুল হেৰীটেজ মিউজিয়াম কমপ্লেক্সৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি সম্পৰ্কে বিশেষকৈ চৌহদত জমা হোৱা পানী নিষ্কাষণৰ বাবে নলা নিৰ্মাণ, চাৰিসীমাৰ বেৰ নিৰ্মাণৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ চিএছআৰৰ অতিৰিক্ত পুঁজি আহৰণ কৰা, পুৰণি আৰু ঐতিহ্য বহনকাৰী সামগ্ৰী প্ৰদৰ্শনৰ বাবে লাইব্ৰেৰী আৰু প্ৰয়োজনীয় তথ্য কোষৰ ব্যৱস্থা কৰা ইত্যাদি সম্পৰ্কত আলোচনা কৰা হয় ।

ডিব্ৰুগড়ত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত গুৰুত্বপূৰ্ণ সভা

উক্ত সভাত বিশিষ্ট শিক্ষাবিদ ড৹ নগেন শইকীয়া, অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা, ডাঃ জন বেৰী হোৱাইট মেডিকেল স্কুল হেৰীটেজ মিউজিয়াম কমপ্লেক্সৰ কাৰ্যকৰী সমিতিৰ সাধাৰণ সম্পাদিকা আৰাধনা কটকী, অইল ইণ্ডিয়া লিমিটেড আৰু কল ইণ্ডিয়া লিমিটেডৰ বিষয়াকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: মহাজোঁটৰ চৰকাৰ কেনেকৈ: 'গেম চেঞ্জাৰ' বাঘেল, জিতেন্দ্ৰ সিঙৰ ফৰ্মূলা

ABOUT THE AUTHOR

...view details