অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত জিলা শিক্ষা বিভাগৰ পৰ্যালোচনা সভা

শনিবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ শিক্ষা বিভাগৰ এক পৰ্যালোচনা সভাৰ আয়োজন ৷ সভাত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হোৱাৰ পাচত বিদ্যালয়সমূহৰ সকলো দিশৰ ওপৰত পৰ্যালোচনা কৰে ৷

meeting to discuss about district education department
ডিব্ৰুগড়ত জিলা শিক্ষা বিভাগৰ পৰ্যালোচনা সভাৰ আয়োজন

By

Published : Dec 6, 2020, 10:53 AM IST

মৰাণ,6 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত শনিবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় জিলাখনৰ শিক্ষা বিভাগৰ এক পৰ্যালোচনা সভা ৷ অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱা, বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰী, জিলা প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকল, সমগ্ৰ শিক্ষা অভিযান আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ বিষয়ববীয়াসকলৰ উপস্থিতি থাকে এই সভাত ৷ বিদ্যালয়সমূহত শেহতীয়াকৈ পুনৰ আৰম্ভ হোৱা পাঠদান প্ৰক্ৰিয়া কেনেদৰে চলি আছে সেই সন্দৰ্ভত সভাখনত পৰ্যালোচনা কৰা হয় ৷

ডিব্ৰুগড়ত জিলা শিক্ষা বিভাগৰ পৰ্যালোচনা সভাৰ আয়োজন

আনহাতে পাঠদানৰ সময়ত বিদ্যালয়সমূহত ক’ভিড প্ৰট’কল সম্পূৰ্ণৰূপে মানি চলা হৈছে নে নাই সেই সন্দৰ্ভতো আলোচনা কৰা হয় ৷ উক্ত সভাত বিদ্যালয়সমূহৰ পাঠদান পুনৰ আৰম্ভ হোৱাৰ পাচতো বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সেৰেঙা উপস্থিতিৰ বিষয়টোও উত্থাপন হয় ৷

ডিব্ৰুগড়ত জিলা শিক্ষা বিভাগৰ পৰ্যালোচনা সভাৰ আয়োজন

জিলা উপায়ুক্ত ঝাই শিক্ষা বিভাগৰ বিষয়ববীয়াসকলক বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে অভিভাৱকসকলক নিজ নিজ সন্তানক পুনৰ বিদ্যালয়লৈ প্ৰেৰণৰ বাবে উৎসাহিত কৰিবলৈ আহ্বান জনায় ৷ ইয়াৰোপৰি এই সভাত শিক্ষা বিভাগৰ লগত জড়িত অন্যান্য কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷

লগতে পঢ়ক :বিটিচি নিৰ্বাচন : বিজেপিৰ প্ৰাৰ্থী নথকা সমষ্টিত চিলিণ্ডাৰৰ ছবিত দিবলৈ আহ্বান ৰণজিৎ দাসৰ

ABOUT THE AUTHOR

...view details