ডিব্ৰুগড়,11 জানুৱাৰী:কাৰাগাৰ মানেই কেৱল শাস্তিৰ দিন পাৰ কৰা স্থান নহয় ৷ কেতিয়াবা বহু অপৰাধীৰ আত্মসংশোধনৰো অন্যতম স্থান হৈ পৰে কাৰাগাৰ তথা জেইল ৷ তেনে এক উদাহৰণ দাঙি ধৰিলে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ একাংশ কয়দীয়ে ৷ তেওঁলোকে নিজকে সংশোধন কৰি গঢ়ি তুলিছে কৰ্ম-সংস্কৃতি ৷ অপৰাধ প্ৰৱণতা পাহৰি সৃষ্টিশীল মনক জাগ্ৰত কৰি হস্তশিল্পত মনোনিৱেশেৰে গঢ়ি তুলিছে আন এক মধুময় পথ ৷
বৰ্তমান ডিব্ৰুগড় জিলা কাৰাগাৰত আছে ৪৭২ গৰাকী কয়দী ৷ ইয়াৰে একাংশ কয়দীয়ে বাঁহ-বেত, কাঠ ব্যৱহাৰেৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰাৰ লগতে স্নান আৰু কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা চাবোন আদিও প্ৰস্তুত কৰি প্ৰতিভাৰ উমান দি স্বাৱলম্বী হোৱাৰ পথো প্ৰশস্ত কৰি তুলিছে ৷ কয়দীকেইজনে কাৰাগাৰতে প্ৰশিক্ষণ লৈ বৰ্তমান বাঁহ-বেত, কাঠ আদিকে যেন নিৰ্দিষ্ট কৰ্মৰে প্ৰাণবন্ত কৰি তুলিছে ৷ কয়দীসকলে বাঁহ-বেত ব্যৱহাৰ কৰি ঘড়ী, পানী ফিল্টাৰ, নানা প্ৰকাৰৰ ফুলদানী, টেবুল ফেন সদৃশ কাৰ্যক্ষম ঘড়ী, ম'বাইল থোৱা বাকচ, শৰাই, ৰংঘৰ আৰ্হিৰ স্মাৰক, চাহৰ কাপ, বাঁহ-বেতৰ ট্ৰে আদি নিৰ্মাণ কৰি দৃষ্টি আকৰ্ষণ কৰিছে ৷ ইয়াৰোপৰি, কয়দীসকলে নিৰ্মাণ কৰিছে বাঁহৰ বৰটোপ, সজাই থ’ব পৰা আটকধুনীয়া ঘৰ সদৃশ ফুলদানী আদি ৷ কেৱল ইমানেই নহয়, মহিলাসকলে পৰিধান কৰা বিভিন্ন অলংকাৰ যেনে, ডুগডুগী, চেইন, নেকলেচ আদি নিৰ্মাণ কৰি উলিয়াইছে কয়দীসকলে ৷