ডিব্ৰুগড়, 3 জুনঃ অসম চিকিৎসা মহাবিদ্যালয়ৰ COVID হাস্পতালৰ ভাৰপ্ৰাপ্ত বিষয়া তথা চিকিৎসা মহাবিদ্যালয় খনৰ অতিৰিক্ত অধীক্ষক ডাঃ অজন্তা হাজৰিকাই উল্লেখ কৰা অনুসৰি, অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ কৰা ডেজিগনেটেড নিউ কভিড হাস্পতালত আইচিইউ বিছনা, শীত-তাপ নিয়ন্ত্ৰিত বিছনা বৃদ্ধিৰ বাবে যথেষ্ট সুবিধা আছে ৷ ইয়াৰোপৰি আন বিভাগতো অত্যাধিক 100 খন বিছনাৰ ব্যৱস্থাৰ বাবে সাজু কৰি ৰখা হৈছে ৷
কৰ'ণা ৰোগীক লৈ তৎপৰ অসম চিকিৎসা মহাবিদ্যালয়
কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিৰ লগে লগে তৎপৰ হৈ পৰিছে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ ৷ এই বিষয়ে উল্লেখ কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত অধীক্ষক ডাঃ অজন্তা হাজৰিকাই ৷
assam medical college administration ready to treat corona patients
ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি নিগেটিভ চিনাক্ত লোকক হোম কোৱাৰেণ্টাইনলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব নোৱাৰিলে,চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ সমস্যাত পৰাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে ডাঃ অজন্তা হাজৰিকাই ৷
লগতে পঢ়কঃদক্ষিণ কোৰিয়াৰ চেনিটাইজাৰ মেচিনেৰে মংগলদৈ চহৰ চেনিটাইজ