মৰাণ, 13 ফেব্ৰুৱাৰী : সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰী কৰি মন্ত্ৰী বিধায়ক হ'ব পাৰি । কিন্তু ৰাইজৰ নেতা হ'ব নোৱাৰি । ডিব্ৰুগড় কোটোহাত আয়োজন কৰা এজেপিৰ জাতীয় জাগৰণ সমাৰোহত অংশগ্ৰহণ কৰি এই দৰে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনীক প্ৰত্যাহ্বান জনালে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷
মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চান্দা তুলি নেতা হ'ব পাৰে, বিধায়ক হ'ব নোৱাৰে বুলি কৰা মন্তব্য পিছতে হিমন্তক লক্ষ্য কৰি লয় লুৰিণে ৷ তেওঁ কয়, অসমৰ চান্দা তোলা ব্যক্তি সকলৰ ভিতৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ স্থান ১ নম্বৰত আছে । হিমন্তৰ জ্ঞানৰ অভাৱ নাই ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভাল কামত সেই জ্ঞান ব্যৱহাৰ কৰা নাই বুলিও মত প্ৰকাশ কৰে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷