মৰাণ, 30 ডিচেম্বৰ:সোমবাৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণৰ ৰাইদঙ্গীয়া উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয় এক গণ বিক্ষোভ কাৰ্যসূচী ৷এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৱে CAAবাতিলৰ দাবীত অহিংস-গণতান্ত্ৰিকভাৱে আন্দোলন কৰা আন্দোলনকাৰীৰ ওপৰত দমন কাৰ্য নচলাবলৈ চৰকাৰক সকিয়নী প্ৰদান কৰে ৷
মৰাণত CAAৰ বিৰোধিতাৰে গণ বিক্ষোভ কাৰ্যসূচী
যেতিয়ালৈকে চৰকাৰে জাতিধ্বংসী অভিহিত আইনখন বাতিল নকৰে, তেতিয়ালৈকে আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰদান প্ৰতিবাদকাৰী সকলৰ ৷
অনুষ্ঠানত উপস্থিত থকা মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ যতীন চুতীয়া, সহযোগী অধ্যাপক তুলসী দাস, প্ৰাক্তন ছাত্ৰনেতা, মৰাণ মহকুমা সাংবাদিক মঞ্চৰ মুখ্য সম্পাদক যদুনাথ পুৰী, সমাজকৰ্মী লোকনাথ বুঢ়াগোঁহাই, বিশিষ্ট শিপিনী হেমপ্ৰভা চুতীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে CAA কোনো কাৰণতে মানি লোৱা নহ'ব বুলি মন্তব্য কৰে ৷ লগতে, যেতিয়ালৈকে চৰকাৰে জাতিধ্বংসী অভিহিত আইনখন বাতিল নকৰে, তেতিয়ালৈকে আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰে উপস্থিত প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক: ধেমাজিত গায়ন বায়নসহ ঢোল-তাল বজাই CAA বিৰোধী প্ৰতিবাদী সমদল