অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত ক’ভিডত আক্ৰান্ত হৈ দুজনৰ মৃত্যু

অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড আইচ’লেইছন ৱাৰ্ডত চিকিৎসাধীন 30 গৰাকী লোকৰ ভিতৰত 13 গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । ইয়াৰে 7 গৰাকীক ক’ভিড আই চি ইউত অক্সিজেন দি ৰখা হৈছে ।

By

Published : Apr 18, 2021, 11:52 AM IST

AMCH COVID UPDATE
ডিব্ৰুগড়ত ক’ভিডত চিকিৎসাধীন দুজনৰ মৃত্যু: 13 জনৰ অৱস্থা সংকটজনক

ডিব্ৰুগড়, 18 এপ্ৰিল : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেওবাৰে ক’ভিডত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হয় । নিহত লোক দুজন ৰাজীৱ হাজৰিকা আৰু নয়ীম আহমেদ ৷ ৰাজীৱ হাজৰিকা (51) অ’ এন জি চিৰ অভিযন্তা ৷ তেওঁ বিহুৰ বাবে মুম্বাইৰ পৰা নিজ গৃহলৈ আহিছিল বুলি জানিব পৰা গৈছে । আনহাতে তিনিচুকীয়া বাসিন্দা নয়ীম আহমেদ এজন অধিবক্তা ৷ তেওঁ ক’ভিডত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল আৰু শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷

অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড আইচ’লেইছন ৱাৰ্ডত চিকিৎসাধীন 30 গৰাকী লোকৰ ভিতৰত 13 গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । ইয়াৰে 7 গৰাকীক অক্সিজেনৰ সহায়ত ক’ভিড আই চি ইউত ৰখা হৈছে । এজনক ভেন্টিলেটৰত ৰখাৰ বিপৰীতে 3 গৰাকীক অক্সিজেনৰ সহায়ত ক’ভিড আইছ’লেইছন ৱাৰ্ডত ৰখা হৈছে ।

লগতে পঢ়ক :কৰ’ণাত মৃত্যু হোৱা তিনি শতাধিকক সৎকাৰ ভূতনাথ শ্মশানত

ABOUT THE AUTHOR

...view details