অসম

assam

Closure of Namrup fertilizer factory:নামৰূপ সাৰ কাৰখানা ৰক্ষাৰ দাবীত যুৱ ছাত্ৰ পৰিষদ আৰু লাচিত সেনাৰ প্ৰতিবাদ

By

Published : Jul 28, 2023, 3:47 PM IST

নামৰূপ সাৰ কাৰখানা প্ৰৱেশদ্বাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বীৰ লাচিত সেনাৰ বিশাল প্ৰতিবাদ ৷ প্ৰতিবাদত অংশগ্ৰহণ পলাশ চাংমাই, শৃংখল চলিহাৰ ৷

yuva chatra parishad veer lachit sena hold joint protest
যুৱ ছাত্ৰ পৰিষদ আৰু লাচিত সেনাৰ প্ৰতিবাদ

যুৱ ছাত্ৰ পৰিষদ আৰু লাচিত সেনাৰ প্ৰতিবাদ

নাহৰকটীয়া, ২৮ জুলাই :ৰাজ্যজুৰি এতিয়া নামৰূপ সাৰ কাৰখানাবন্ধ হোৱাৰ প্ৰতিবাদত নামি পৰিছে প্ৰায় সকলোবোৰ দল-সংগঠন ৷ শেহতীয়াকৈ নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনাৰ যৌথ প্ৰতিবাদ । শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতি আৰু বীৰ লাচিত সেনাৰ নামৰূপ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত নামৰূপ সাৰকাৰখানাৰ প্ৰৱেশদ্বাৰত ৰূপায়ণ কৰা হয় বিশাল প্ৰতিবাদ ৷

নামৰূপৰ নামঘৰ চাৰিআলিৰ পৰা প্ৰায় পাঁচশতাধিক প্ৰতিবাদকাৰীয়ে সমদল কৰি আহি নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্যসূচীক যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই নেতৃত্ব দিয়ে ।

দল-সংগঠনৰ প্ৰতিবাদৰ মাজতেই নামৰূপ সাৰকাৰখানা বন্ধ নহয় বৰঞ্চ ইয়াক আধুনিকীকৰণহে কৰা হ’ব বুলি সাৰমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পলাশ চাংমাইয়ে "আমাক আধুনিকীকৰণ নহয় আমাক চতুৰ্থ গোট লাগে" বুলি উল্লেখ কৰি বৃহৎ পুঁজিপতি গোষ্ঠীক দেশৰ উদ্যোগসমূহ গতাই দিবলৈহে নৰেন্দ্ৰ মোদী চৰকাৰে এই নীতি গ্ৰহণ কৰিছে বুলি ক্ষুৰধাৰ সমালোচনা কৰে ।

আনহাতে শৃংখল চলিহাই ‘সৰ্বানন্দ আৰু তেলী ফেইল মাৰিছে, এতিয়া হিমন্ত বিশ্বই কি পদক্ষেপ লয় সেয়া আমি লক্ষ্য কৰি আছো, হিমন্ত চৰকাৰে এপদ এপদকৈ অসমৰ সম্পদ বিক্ৰী কৰিছে , এইখন সৃষ্টিৰ চৰকাৰ নহয় এইখন ধ্বংসৰ চৰকাৰ বুলি তীব্ৰ সমালোচনা কৰি নামৰূপ সাৰকাৰখানা কোনো কাৰণতেই বন্ধ কৰিবলৈ দিয়া নহ’ব বুলি প্ৰকাশ কৰে ।

লগতে পঢ়ক :NAMRUP BVFCL: ৰাজ্যপালক সাক্ষাৎ ১২ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দৰ

ABOUT THE AUTHOR

...view details