মৰাণ, 13 জুলাই : শিশুক যৌন উৎপীড়ন চলোৱা ঘটনাসমূহে ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰি থকা সময়তে চাবুৱাৰ ডিকম আৰক্ষী চকীৰ অন্তৰ্গত বিনৈগুটীয়াত মানৱতাক লজ্জানত কৰা আন এক জঘন্য ঘটনা সংঘটিত হৈছে ৷ চাবুৱাৰ বিনৈগুটীয়া গাঁৱত এগৰাকী ৮ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰি ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল এজন ষাঠীৰোৰ্ধৰ লোক ৷ কিশোৰীগৰাকী পৰিয়ালৰ লোকে কিশোৰগৰাকীক উদ্ধাৰ কৰি উত্তম-মধ্যম দি লাহোৱাল আৰু ডিকম আৰক্ষীক গতাই দিয়ে অভিযুক্ত লোকজনক ৷
ধৃত লোকজন ধ্ৰুৱ গগৈ বুলি জানিব পৰা হৈছে ৷ ধ্ৰুৱ গগৈয়ে দেওবাৰে বিয়লি পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীৰ ঘৰত সোমাই ধৰ্ষণৰ চেষ্টা কৰে ৷ ধ্ৰুৱ গগৈয়ে অসৎ চৰিতাৰ্থ পূৰণৰ চেষ্টা কৰা সময়তে কিশোৰীগৰাকীৰ মাকে প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায় ৷ ইয়াকে লৈ গাঁৱৰ ৰাইজ গোট খাই লোকজনক আটক কৰি লাহোৱালৰ লগতে ডিকম আৰক্ষীক খবৰ দিয়ে ৷