ডিব্ৰুগড়,২ মাৰ্চ:শেহতীয়াকৈ নলবাৰী জিলাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাহনত আক্ৰমণ কৰিছিল দুৰ্বৃত্তৰ দলে । এক জনসভালৈ গৈ থকা অৱস্থাতে এই ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশই এই কাম বিজেপি কৰ্মীয়ে কৰা বুলি অভিযোগ কৰাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ নলবাৰী আঞ্চলিক সমিতিৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
লুৰীণজ্যোতিক আক্ৰমণৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড় তীব্ৰ প্ৰতিবাদ । দোষীক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী দলীয় কৰ্মীসকলৰ ।
লুৰীণজ্যোতিক আক্ৰমণৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ
কিন্তু এই আক্ৰমণৰ ঘটনাক গৰিহণা দি অসম জাতীয় পৰিষদে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত ৰাখিছে । মঙলবাৰে দলটোৰ ডিব্ৰুগড় জিলা কাৰ্যালয়ৰ সন্মুখত দলীয় কৰ্মীসকলে এক প্ৰতিবাদ সাব্যস্ত কৰে । ঘটনা সন্দৰ্ভত ন্যায় বিচৰাৰ লগতে দোষীক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী কৰে দলৰ কৰ্মীসকলে ।
লগতে পঢ়ক:গোৱালপাৰাত ভূমিষ্ঠ নতুন ৰাজনৈতিক দল