মৰাণ, 28 ডিচেম্বৰ :শুকুৰবাৰে অনুষ্ঠিত হোৱা ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ১৩ টা পদৰ বিপৰীতে ১১ পদতে বিজয়ী হৈছিল অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী । কিন্তু, এই নিৰ্বাচনৰ সময়তে মহাবিদ্যালয়খনত সংঘটিত হৈছিল আছু আৰু অসম ছাত্ৰ পৰিষদৰ সংঘৰ্ষ (AASU ACP clash in Dibrugarh) ৷ ইয়াৰ পিছতে কেইবাগৰাকীও আছু কৰ্মীক আৰক্ষীয়ে আটক কৰাৰ পিছতে জাঙুৰ খাই উঠিছিল অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনটো ৷
ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা এই কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগ আনি আৰক্ষীক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে বুলি দাবী কৰিছিল আছুৱে ৷ ইতিমধ্যে, এই ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড় তথা তিনিচুকীয়া জিলা বন্ধৰ কাৰ্যসূচীও পালন কৰিছে আছুৱে ৷ সম্প্ৰতি এই ঘটনাক লৈ মুখ খুলিছে অসম ছাত্ৰ পৰিষদৰ প্ৰতিনিধিয়েও (ACP reacts on recent AASU ACP clash) ৷
পৰাজয় স্বীকাৰ কৰিব নোৱাৰি ছাত্ৰ পৰিষদৰ কৰ্মীক আক্ৰমণ কৰিছিল নেকি আছুৱে ? আছুৱে পৰাজয় মানি ল'ব নোৱাৰিহে ছাত্ৰ পৰিষদৰ চাৰিজনকৈ ছাত্ৰৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰা বুলি অভিযোগ তুলিছে সংগঠনটোৱে । ইফালে এই ঘটনাত এবিভিপিৰ সৈতে ছাত্ৰ পৰিষদৰ কোনো সম্পৰ্ক নাই বুলি অভিযোগ কৰি পৰিষদৰ কোনো ছাত্ৰই এবিভিপিত যোগদান কৰা নাই বুলিও সংবাদ মেলযোগে স্পষ্ট কৰি দিছে সংগঠনটোৰ বিষয়ববীয়া সকলে ।
ইফালে সম্প্ৰতি, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ(EX AASU GS Lurinjyoti Gogoi)ৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ উত্থাপন কৰা দেখা গৈছে অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক । লুৰীণজ্যোতি গগৈয়ে এই মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগ তুলি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত আছু কৰ্মী সকলৰ ওপৰত আক্ৰমণ কৰা বুলি উত্থাপিত অভিযোগকো প্ৰত্যুত্তৰ দিয়ে তেওঁলোকে ।
লগতে পঢ়ক :AGP leader joins BJP: অগপ এৰি বিজেপিত যোগদান অগপৰ জ্যেষ্ঠ নেতা কেশৰাম বৰাৰ