অসম

assam

ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিৰুদ্ধে আছু গোটৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰতিবাদ ৷ উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ শিক্ষাৰ্থীৰ ৷ শীঘ্ৰে তদন্ত কমিটী গঠন কৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী প্ৰতিবাদকাৰীৰ ৷

aasu-unit-of-dibrugarh-university-protest-against-vice-canceler-dr-ranjit-tamuli
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিৰুদ্ধে আছু গোটৰ প্ৰতিবাদ

By

Published : Jan 11, 2021, 8:37 PM IST

Updated : Jan 11, 2021, 9:08 PM IST

ডিব্ৰুগড়,11 জানুৱাৰী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত তামুলীৰ কৰ্মকাণ্ডই সমগ্ৰ ৰাজ্যৰ বৌদ্ধিক আৰু শৈক্ষিক মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰখনত যোগদানৰ পিচৰে পৰা শৈক্ষিক উত্তৰণৰ পৰিৱৰ্তে ইটোৰ পিচত সিটো বিভিন্ন বিৰ্তক আৰু কেলেংকাৰী সংঘটিত কৰি সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰাৰ লগতে বিশ্ববিদ্যালয় খনলৈও বদনাম কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন হৈছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিৰুদ্ধে আছু গোটৰ প্ৰতিবাদ

সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰিলে ছাত্ৰ সমাজে। বিশ্ববিদ্যালয়খনৰ আছু গোটৰ উদ্যোগত তথা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়খনত সংঘটিত হৈ অহা বিভিন্ন অনিয়ম আৰু নিযুক্তি সম্পৰ্কত হৈ অহা দুৰ্নীতি সম্পৰ্কত এক উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

পঞ্জীয়কলৈ প্ৰদান কৰা স্মাৰকপত্ৰ

কাৰ্যসূচীৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীৰ ভূমিকা সম্পৰ্কতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰসকলে। ইয়াৰ পিচতে ছাত্ৰসকলে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ হাতত উক্ত দাবী সম্পৰ্কত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক :কৰ'ণা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰে বৈঠকত বহিব প্ৰধানমন্ত্ৰী

Last Updated : Jan 11, 2021, 9:08 PM IST

ABOUT THE AUTHOR

...view details