অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ পৰা হাওৰালৈ চলিব চাৰিখন নতুন ৰে'ল

ডিব্ৰুগড় আৰু হাওৰাৰ মাজত চলাচল আৰম্ভ হ'ব চাৰিখনকৈ বিশেষ ৰে'লৰ ৷ যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ -পূব ৰে'লৱেয়ে চাৰিওখন ৰে'ল চলাচলৰ সিদ্ধান্ত লৈছে ৷

ডিব্ৰুগড়ৰ পৰা হাওৰালৈ চলিব চাৰিখন নতুন ৰে'ল
ডিব্ৰুগড়ৰ পৰা হাওৰালৈ চলিব চাৰিখন নতুন ৰে'ল

By

Published : Dec 19, 2020, 6:27 PM IST

ডিব্ৰুগড়, 19 ডিচেম্বৰ:উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনত ডিব্ৰুগড় আৰু হাওৰাৰ মাজত চলাচল আৰম্ভ হ'ব চাৰিখনকৈ বিশেষ ৰে'লৰ ৷ এখন ৰে'লৰ চলাচল দৈনিকভাৱে শিলচৰ আৰু গুৱাহাটীৰ মাজেৰে আৰম্ভ হ'ব ৷ যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ -পূব ৰে'লৱেয়ে চাৰিওখন ৰে'ল চলাচলৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰে দুখন ৰে'ল বগীবিল দলং হৈ আৰু বাকী দুখন গুৱাহাটী হৈ যাব ৷ অতিৰিক্ত এখন দৈনিক ৰে'ল 24 ডিচেম্বৰৰ পৰা পৰা শিলচৰ আৰু গুৱাহাটীৰ মাজত চলাচল কৰিব ৷

27 ডিচেম্বৰৰ পৰা ডিব্ৰুগড় -হাওৰা এক্সপ্ৰেছ বগীবিল ৰে'ল নং 05962/05961 এ 23:55 বজাত বৃহস্পতিবাৰ আৰু দেওবাৰে ডিব্ৰুগড়ৰ পৰা প্ৰস্থান কৰিব আৰু 28 তাৰিখৰ পৰা হাওৰাৰ পৰা সোমবাৰ আৰু শুকুৰবাৰে 18:00 বজাত প্ৰস্থান কৰিব ৷ ৰে'লখন বগীবিলেৰে চলাচল কৰিব আৰু ধেমাজি, উত্তৰ লখিমপুৰ, হাৰমতী, বিশ্বনাথ চাৰিআলি, উত্তৰ ৰঙাপৰা, ওদালগুৰি, টংলা, ৰঙিয়া, নলবাৰী, টিহু, পাঠশালা, বৰপেটা ৰোড, সৰভোগ, বঙাইগাঁও, নিউ বঙাইগাঁও, কোকৰাঝাৰ, ফকিৰাগ্ৰাম, কামাখ্যাগুৰি, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, ফেলাকটা ধূপগুৰি, নিউ মাইনাগুৰি, জলপাইগুৰি, আলুবাৰী ৰোড, কৃষ্ণাগঞ্জ, হৰিচন্দ্ৰপুৰ, মালডহ টাউন, নিউ ফৰকা, ঢুলীয়াগংগা, নিমিটা, জংগীপুৰ ৰোড, আজিমগঞ্জ, খাগৰাঘাট চালাৰ, কাটৱা, নবদীপ, ধাম অম্বিকা, কালনা আৰু বান্দেল আদিত ৰ'ব ৷

ডিব্ৰুগড়--হাওৰা এক্সপ্ৰেছ ৰে'ল নং 05960/05959 ডিব্ৰুগড়ৰৰ পৰা 18-40 বজাত গুৱাহাটীয়েদি সপ্তাহৰ বৃহস্পতিবাৰ আৰু দেওবাৰৰ বাহিৰে বাকী পাঁচ দিনত চলাচল কৰিব আৰু এই প্ৰক্ৰিয়া 26 তাৰিখৰ পৰা আৰম্ভ হ'ব ৷ পুনৰ হাওৰাৰ পৰা 18:00 বজাত 29 তাৰিখৰ পৰা সোমবাৰ আৰু শুকুৰবাৰৰ বাহিৰে বাকী দিনকেইটাত প্ৰস্থান কৰিব ৷ ৰে'লখন গুৱাহাটীৰে যাব আৰু নিউ তিনিচুকীয়া, দুলীয়াজান,নাহৰকটীয়া, নামৰূপ, ভজো, শিমলুগুৰি, আমগুৰি, মৰিয়নী, ফৰকাটিং , বৰপথাৰ, সৰুপথাৰ, ডিমাপুৰ, ডিফু, লামডিং, লংকা হোজাই, চাপৰমুখ, গুৱাহাটী কামাখ্যা, ৰঙিয়া, নলবাৰী, টিহু পাঠশালা, বৰপেটাৰোড, সৰভোগ, বঙাইগাঁও, নিউ বঙাইগাঁও, কোকৰাঝাৰ, ফকিৰাগ্ৰাম, কামাখ্যাগুৰি নিউ আলিপুৰদুৱাৰ,নিউ কোচবিহাৰ, ফালাকটা ধূপগুৰি, নিউ মাইনাগুৰি, জলপাইগুৰি, আলুবাৰী ৰোড, কৃষ্ণাগঞ্জ, হৰিচন্দ্ৰপুৰ, মালডহ টাউন নিউ, ফৰকা, ঢুলীয়া গংগা নিমতিতা, জংগীয়াপুৰ আজিমগঞ্জ, খাঘাৰাঘাট চালাৰ, কাটৱা, নবদীপ, ধাম অম্বিকা, কালনা আৰু বান্দেলত ৰ'ব ৷

ডিব্ৰুগড়-হাওৰা এক্সপ্ৰেছ ৰে'ল নং 05960/05959 ৰে'ল দুখনে 18:40 বজাত ডিব্ৰুগড়ৰ পৰা বৃহস্পতিবাৰ আৰু দেওবাৰৰ বাহিৰে 26 তাৰিখৰ পৰা সপ্তাহত পাঁচদিন চলাচল কৰিব আৰু হাওৰাৰ পৰা সোমবাৰ আৰু শুকুৰবাৰৰ বাহিৰে আটাইকেইটা দিনতে 18:00 বজাত প্ৰস্থান কৰিব । ৰে'লখনে গুৱাহাটীৰে যাত্ৰা আৰম্ভ কৰিব ৷ তিনিচুকীয়া, দুলীয়াজান নাহৰকটীয়া, নামৰূপ, ভজুশিমলুগুৰি, আমগুৰি মৰিয়নী জংছন, ফৰকাটিং জংছন, বৰপথাৰ, সৰুপথাৰ, ডিমাপুৰ, ডিফু, লামডিং, জংছন লংকা, হোজায় চাপৰমুখজংছন, গুৱাহাটী কামাখ্যা, ৰঙিয়া, নলবাৰী, টিহু পাঠশালা, সৰভোগ, বঙাইগাঁও নিউ বঙাইগাও, কোকৰাঝাৰ, ফকিৰাগ্ৰাম, কামাখ্যাগুৰি, নিউ আলিপুৰ দুৱাৰ, নিউ কোচবিহাৰ, ফালাকটা, ধূপগুৰি, নিউ মাইনাগুৰি, জলপাইগুৰি ৰোড, নিউ জলপাইগুৰি, আলুবাৰী ৰোড, কৃষাণগঞ্জ, হৰিচন্দ্ৰপুৰ, মালডা টাউন , নিউ ফৰকা, ঢুলীয়া, নিমিটা, জংগীপুৰ ৰোড,আজিমগঞ্জ জং, খাগৰাঘাট ৰোড, চালাৰ, কাটৱা, নবদীপ ধাম, অম্বিকা কালনা আৰু বান্দেলত ৰ'ব ৷

শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'ল নং 05616/05615 ৰে'ল দুখনে 24 তাৰিখৰ পৰা দৈনিক শিলচৰৰ পৰা 07:20 বজাত আৰু গুৱাহাটীৰ পৰা 23-55 বজাত চলাচল আৰম্ভ কৰিব ৷ ৰে'লখনে বদৰপুৰ, চুকৃতিপুৰ, হিলাৰা, বিহাৰা, চন্দ্ৰনাথপুৰ দামচেৰা, বান্দৰখাল, ডিটকচেৰ, নিউ হাৰানগাজাও, জাতিংগা, লামপুৰ, নিউ হাফলং, মিগৰেনদিছা, মাহুৰ ফিডিং, ডউটুসাজা, ৱাৰেনদিছা, মাইবং, কালাচান্দ, মুপা, দিহাখু, লাংটিং, ডিবলং, হাতীখালী, মান্দাৰদিছা, লামডিং, লংকা আৰু হোজাইত ৰ'ব । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সুভানন চন্দ্ৰৰ দ্বাৰা এক বিবৃতি যোগে প্ৰকাশ পাইছে এই তথ্য ৷

লগতে পঢ়ক:বন্দে ভাৰত আঁচনিৰ অধীনত ৩.৯ লক্ষাধিক লোকক সুুবিধা প্ৰদান

ABOUT THE AUTHOR

...view details