অসম

assam

ETV Bharat / state

কাঠৰ দলং ভাঙি তলত পৰিল মিনি মালৱাহী ট্ৰাক

ধুবুৰীৰ ফলিমাৰীত কাঠৰ দলং ভাঙি দুৰ্ঘটনাগ্ৰস্ত মিনি মালৱাহী ট্ৰাক, ঘটনা সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত ধুবুৰীবাসীৰ

ধুবুৰীত কাঠৰ দলং ভাঙি তললৈ সৰি পৰিল মিনি মালৱাহী ট্ৰাক

By

Published : Mar 14, 2019, 8:58 PM IST

ধুবুৰী, ১৪মাৰ্চ: ধুবুৰী, ১৪মাৰ্চ: বৃহস্পতিবাৰে ধুবুৰীৰ ফলিমাৰীত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । জিলাখনৰ ফলিমাৰীত থকা একমাত্ৰ কাঠৰ দলং খনৰ একাংশ ভাঙি তললৈ সৰি পৰে এখন মিনি মালবাহী ট্ৰাক । বৃহস্পতিবাৰৰ বিয়লি ভাগত সংঘটিত হোৱা এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলবাসী উত্তেজিত হৈ পৰে । উত্তেজিত ৰাইজে দলংখন অতি সোনকালে মেৰামতি কৰাৰ দাবীত জিলাখনৰ একাংশ পথ অৱৰোধ কৰি গড়কাপ্তানী বিভাগসহ বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধেও বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে, অৱৰোধস্থলীত ধুবুৰী চক্ৰ বিষয়া জয় শৰ্মাই উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক যুদ্ধকালীন ক্ষিপ্ৰতাৰে এক বিকল্প পথ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

ধুবুৰীত কাঠৰ দলং ভাঙি তললৈ সৰি পৰিল মিনি মালৱাহী ট্ৰাক

উল্লেখ্য যে, প্ৰায় 7-8 বছৰৰ পূৰ্বে ফলিমাৰীৰ কাঠৰ দলংখনৰ একাংশ গদাধৰ নৈৰ এটা সুঁতিয়ে উটুৱাই নিয়া পিছত দলংখন মেৰামতি কৰা হৈছিল যদিও বৃহস্পতিবাৰে পুনৰ ভাঙি পৰে দলংখন । অঞ্চলবাসীয়ে দীৰ্ঘদিনৰ পৰাই সেই দুৰ্বল কাঠৰ দলংখনৰ ঠাইত এখন পকী দলঙৰ বাবে দাবী জনোৱাৰ পাছত কেইবাবছৰ পূৰ্বে উক্ত কাঠৰ দলঙখনৰ কাষেৰে এখন নতুন পকী দলং নিৰ্মাণ কৰা হৈছিল যদিও বিভাগটোৱে বৰ্তমানেও সম্পূৰ্ণ কৰিব নোৱাৰিলে দলংখন । ইফালে, বিগত সাত বছৰে ধুবুৰীৰ বিধায়ক নজৰুল হক আৰু সাংসদ বদৰুদ্দিন আজমলে এই ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা প্ৰদান নকৰাৰো অভিযোগ উত্তেজিত ৰাইজৰ ।

ABOUT THE AUTHOR

...view details