ধুবুৰী, 27 জুলাইঃ চিকিৎসাৰ অভাৱত মানকাচৰৰ বান শিবিৰত মহিলাৰ মৃত্যু । অসহায় পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে গাঁওবাসীয়ে । মুছলমান সম্প্ৰদায়ৰ লোকে বহন কৰিলে হিন্দুৰ সৎকাৰৰ যাবতীয় খৰচ । মানকাচৰ সমষ্টিৰ বৰ্মনপাৰা গাঁৱৰ বাসন্তী বৰ্মন নামৰ মহিলা এগৰাকীৰ শনিবাৰে চিকিৎসাৰ অভাৱত মৃত্যু ঘটে বান শিবিৰত৷ পৰিয়াল আৰু গাঁওবাসীয়ে জনোৱা অনুসৰি, বিগত এসপ্তাহৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল বৃদ্ধা মহিলা গৰাকী ৷ মানকাচৰত বানে সংহাৰী ৰূপ লোৱাৰ পাচতে ঘৰবাৰী এৰি পথৰ দাঁতিত বিশেষভাৱে সক্ষম একমাত্ৰ পুত্ৰৰ লগত অস্থায়ী শিবিৰ পাতি থাকিবলৈ লৈছিল বৃদ্ধা গৰাকীয়ে ৷ কিন্তু উক্ত শিবিৰত চিকিৎসাৰ সুব্যৱস্থা নথকাৰ বাবে মহিলা গৰাকীয়ে কৰুণ মৃত্যুক সাবটি লগা হয় বুলি স্থানীয়ই মন্তব্য কৰে ৷
আনহাতে, মানকাচৰ পূৱ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিয়ে মৃত্যু হোৱা বৃদ্ধা মহিলা গৰাকীৰ সৎকাৰৰ বাৱে হোৱা সকলো খৰচ বহনৰ বাবে দায়িত্ব লয় বুলি জানিবলৈ দিয়ে ৷ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আমিৰুল ইছলাম নিজে মুছলমান সম্প্ৰদায়ৰ হ'লেও হিন্দু সম্প্ৰদায়ৰ বৃদ্ধা গৰাকীৰ মৃত্যুৰ খবৰ পাই অসহায় দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহে ।
বিনাচিকিৎসাৰে বান শিবিৰত মৃত্য়ু মহিলাৰ - etv bharat assam
পৰিয়াল আৰু গাঁওবাসীয়ে জনোৱা অনুসৰি, বিগত এসপ্তাহৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল বৃদ্ধা মহিলা গৰাকী ৷ মানকাচৰত বানে সংহাৰী ৰূপ লোৱাৰ পাচতে ঘৰবাৰী এৰি পথৰ দাঁতিত বিশেষভাৱে সক্ষম একমাত্ৰ পুত্ৰৰ লগত অস্থায়ী শিবিৰ পাতি থাকিবলৈ লৈছিল বৃদ্ধা গৰাকীয়ে
চিকিৎসাৰ অভাৱত বান শিবিৰত মহিলাৰ মৃত্যু
উল্লেখ্য যে, বান শিবিৰত উপযুক্ত স্বাস্থ্য সেৱা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীয়ে মানকাচৰত উপস্থিত হৈ জিলা উপায়ুক্তক কঠোৰ ভাবে নিৰ্দেশ জাৰি কৰিছিল যদিও চিকিৎসাৰ অভাৱত বৃদ্ধা গৰাকীৰ বান শিবিৰত মৃত্যু হোৱাৰ পিছত মুখ্যমন্ত্ৰী সোণোৱালে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয় ।