পশ্চিম বিলাসীপাৰা,16ছেপ্তেম্বৰ: প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ নকৰা লৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব ৷ মঙলবাৰে বিলাসীপাৰাৰ শালকোচাত আক্ৰাছুৰ এখন সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গোকুল বৰ্মনে ৷ তদুপৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী সকলক জনজাতিকৰণ আৰু প্ৰস্তাৱিত কমতাপুৰ প্ৰদান কৰাত চৰকাৰে আওকান কৰিলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও চৰকাৰক সকিয়াই দিয়ে কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে ৷
কমতাপুৰ প্ৰদান নকৰালৈকে অব্যাহত থাকিব সংগ্ৰামঃগোকুল বৰ্মন
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী সকলক জনজাতিকৰণ আৰু প্ৰস্তাৱিত কমতাপুৰ প্ৰদান কৰাত চৰকাৰে আওকান কৰিলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও চৰকাৰক সকিয়াই দিয়ে কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে ৷
ইপিনে,শালকোচা আঞ্চলিক আক্ৰাছুৰ উদ্যোগত আয়োজিত এই সম্বৰ্ধনা সভাত উপস্থিত থাকে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি অৰুণ কুমাৰ ৰায়,উপ-সভাপতি মুকুল বৰুৱাৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী ৷ সভাত অৰুণ ৰায় গোটৰ পৰা বিভক্ত হোৱা বহু নেতা-কৰ্মী পুনৰ অৰুণ ৰায় গোটত যোগদান কৰে ৷আনহাতে,স্ব-গোষ্ঠীয় গামোছাৰে বিভক্ত হোৱা নেতা কৰ্মী সকলক আদৰণি জনায় কেন্দ্ৰীয় সভাপতি গৰাকীয়ে আক্ৰাছু আৰু অধিক শক্তিশালী হ'ল বুলি সভাত মন্তব্য কৰে ৷
লগতে পঢ়কঃফেচবুকত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে