অসম

assam

ETV Bharat / state

ভূমি বিবাদঃ মাৰপিটৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে

ধুবুৰীৰ আগমণি আৰক্ষী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ভূমি বিবাদক কেন্দ্ৰ কৰি এটা পক্ষৰ হৈ আন পক্ষক টকাৰ বিনিময়ত মাৰপিট । আৰক্ষীৰ প্ৰহাৰত আহত হৈ সম্প্ৰতি ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন এজন বয়োজ্যেষ্ঠ লোক ৷

ভূমি বিবাদত ধনৰ বিনিয়ত মাৰপিটৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে

By

Published : May 20, 2019, 7:38 PM IST

ধুবুৰী, 20 মে' : সম্প্ৰতি একাংশ আৰক্ষী বিষয়াৰ বাবে টকাই যেন সৰ্বেসৰ্বা । টকাৰ বিনিময়ত সলনি হয় আৰক্ষী বিষয়াৰ ৰূপ । এনে এক ঘটনা সংঘটিত হোৱাৰ অভিযোগ ধুবুৰীৰ আগমণি আৰক্ষীৰ বিৰুদ্ধে । ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ঝাপুসাবাৰী গাঁৱৰ সমছেৰ আলী নামৰ জ্যেষ্ঠ নাগৰিকৰ অভিযোগ অনুসৰি দেওবাৰে বিনা দোষত তেওঁক থানালৈ লৈ আহি বেয়াকৈ মাৰপিট কৰি এখন দলিলত চহী কৰোৱাই আগমণি আৰক্ষীয়ে ৷

ভূমি বিবাদত ধনৰ বিনিয়ত মাৰপিটৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা চাৰে তিনি বিঘা মাটিৰ দখলক কেন্দ্ৰ কৰি ঝাপুসাবাৰী গাঁৱৰ সমছেৰ আলী,নজৰুল আলী, মইনুল আলী আৰু ছামছুল আলী নামৰ চাৰি ভাইৰ মজত সংঘাত চলি আহিছিল । কিন্তু আৰক্ষীয়ে সম্পূৰ্ণ ঘটনাত ধনৰ বিনিময়ত নজৰুল আলীৰ পক্ষ লৈ সমছেৰ আলীক আটক কৰি নিশাৰ ভাগত অন্যায়ভাৱে মাৰপিট কৰি উকা দলিলত চহী লৈ এৰি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী সমছেৰ আলীয়ে ৷ আনহাতে সমছেৰ আলীৰ অভিযোগ একেমুখে অস্বীকাৰ কৰিছে আগমণি আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details