অসম

assam

বিধায়ক-খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ পঞ্চায়ত প্ৰতিনিধিৰ

পূৱ বিলাসীপাৰাৰ চাপৰত এগৰাকী খণ্ড উন্নয়ন বিষয়াৰ একছত্ৰী ৰাজত্ব চলোৱাৰ অভিযোগ পঞ্চায়ত জনপ্ৰতিনিধিৰ ৷ খণ্ড উন্নয়ন বিষয়া গৰাকীক বিজেপি বিধায়ক অশোক কুমাৰ সিংহীৰ হাতৰ পুতলা আখ্যা ৷

By

Published : Oct 19, 2020, 5:44 PM IST

Published : Oct 19, 2020, 5:44 PM IST

Panchayat representative protest against MLA and BDO in Bilasipara
কিয় বিধায়ক-খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ পঞ্চায়ত প্ৰতিনিধিৰ?

পূৱ বিলাসীপাৰা,19 অক্টোবৰ : পূৱ বিলাসীপাৰাৰ চাপৰ-শালকোচা উন্নয়ন খণ্ডত কোটিটকীয়া কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ । উন্নয়ন খণ্ডটোৰ বিষয়া কৃতিকা বসুমতাৰীৰ বিৰুদ্ধে সীমাহীন দুৰ্নীতিৰ অভিযোগ উত্থাপন পঞ্চায়তৰ সদস্যসকলৰ । বিজেপি বিধায়ক অশোক কুমাৰ সিংহীৰ ঘনিষ্ঠ খণ্ড উন্নয়ন বিষয়া গৰাকীৰ প্ৰতি তীব্ৰ ক্ষোভ উজাৰিছে জনপ্ৰতিনিধিয়ে ।

অভিযোগ অনুসৰি,পূৱ বিলাসীপাৰা সমষ্টিত চলিছে বিজেপি বিধায়ক অশোক কুমাৰ সিংহীৰ হিটলাৰী শাসন । বিগত প্ৰায় দুবছৰে আঞ্চলিক পঞ্চায়ত প্ৰতিনিধিসকলক দমন কৰিছে বিধায়ক গৰাকীয়ে । চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়ত সদস্যসকলৰ অজ্ঞাতে ৰূপায়ন কৰা হয় বিভিন্ন আঁচনি । গাঁওসভাৰ প্ৰস্তাৱ কিম্বা ৰাইজৰ দাবীত গুৰুত্ব নাই উন্নয়ন খণ্ডটোৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ । বিধায়কৰ ছত্ৰছায়াত চলিছে উন্নয়ন খণ্ডটো। দুটা বছৰে এশ দিনৰ কামৰ পৰা বঞ্চিত কৰা হৈছে MNREGAৰ শ্ৰমিকসকলক । খণ্ড উন্নয়ন বিষয়া কৃতিকা বসুমতাৰীয়ে চলাইছে চাপৰ-শালকোচা উন্নয়ন খণ্ডত একছত্ৰী ৰাজত্ব ।

কিয় বিধায়ক-খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ পঞ্চায়ত প্ৰতিনিধিৰ?

পঞ্চায়ত সমূহত চলি থকা ভয়ংকৰ দুৰ্নীতি সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবী জনাইছে এই জনপ্ৰতিনিধিসকলে ।

লগতে পঢ়ক :সীমান্ত সংঘাতঃ অসম-মিজোৰামৰ মুখ্য সচিবৰে গৃহ সচিবৰ ভিডিঅ' কনফাৰেঞ্চ

ABOUT THE AUTHOR

...view details