অসম

assam

By

Published : Jul 10, 2020, 2:16 AM IST

ETV Bharat / state

বৃহস্পতিবাৰে ধুবুৰীত নতুনকৈ চিনাক্ত ১৯গৰাকী ক'ভিড পজিটিভ

ধুবুৰী জিলাত পুনৰ নতুনকৈ চিনাক্ত হ'ল ক'ভিড-১৯ত আক্ৰান্ত ১৯ গৰাকীকৈ ব্যক্তি । ধুবুৰী জিলাত বৰ্তমান ক'ভিড-১৯ আক্ৰান্তৰ সংখ্যা হ'লগৈ ৪৮১ ।

nineteen more covid positive case in dhuburi
বৃহস্পতিবাৰে ধুবুৰীত নতুনকৈ চিনাক্ত ১৯গৰাকী ক'ভিড পজিটিভ

ধুবুৰী,৯জুলাই: ৰাজ্যত বিভিন্ন প্ৰান্তত গণ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ ধুবুৰী জিলাতো বৃদ্ধি পাইছে ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা । বৃহস্পতিবাৰে ধুবুৰী জিলাত নতুনকৈ পুনৰ ১৯ গৰাকী ব্যক্তিৰ দেহত ক'ভিড-১৯ পজিটিভ পোৱা গৈছে । বৰ্তমানলৈ জিলাখনত এই পৰ্যন্ত ৪৮১ গৰাকী ব্যক্তি ক'ভিড-১৯ত আক্ৰান্ত হৈছে । অৱশ্যে জিলাখনত ৪৮১ গৰাকী ব্যক্তি ক'ভিড-১৯ত আক্ৰান্ত হৈছে যদিও ইয়াৰে ৪০৮ গৰাকী ব্যক্তি ইতিমধ্যে সুস্থ হৈ উঠিছে ৷

বৃহস্পতিবাৰে ধুবুৰীত নতুনকৈ চিনাক্ত ১৯গৰাকী ক'ভিড পজিটিভ

বৰ্তমান ধুবুৰী জিলাত ক'ৰণা আক্ৰান্ত ৭৩ গৰাকী ব্যক্তিৰ চিকিৎসা সেৱা চলি আছে । ইয়াৰে ৩৪ গৰাকীক ধুবুৰী অসামৰিক চিকিৎসালয়ত, ২৯ গৰাকীক জিলা খনৰ মটেৰঝাৰ মডেল হস্পিতালত, নলবাৰীৰ চৰকাৰী চিকিৎসালয়ত এগৰাকী, বৰপেটা চিকিৎসা মহাবিদ্যালয়ত এগৰাকী আৰু গুৱাহাটীৰ চিআৰপিএফৰ চিকিৎসালয়ত ৮ গৰাকীক চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে ক'ৰণাৰ ভাইৰাছ থকাৰ সন্দেহত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৩৯৫ গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰা হয় । আনহাতে বৃহস্পতিবাৰে ধুবুৰী জিলাত ৪৩ গৰাকী ব্যক্তিক মাছ কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে । বৰ্তমানলৈকে জিলাখনৰ ৯ টা স্থানত মুঠ ৫৩৯ গৰাকী ব্যক্তি মাচ কোৱাৰেণ্টাইনত আছে । উল্লেখ্য যে, যোৱা এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈকে সৰ্বমূঠ ৩০,৯৭৮ গৰাকী ব্যক্তিক মাচ কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিয়া হৈছে বুলি জনালে জিলাখনৰ স্বাস্থ্য বিভাগৰ এটি সূত্ৰই ।

জিলাখনত ক'ৰণাৰ সংক্ৰমণ হৈ যাতে অধিক ভয়াৱহ ৰূপ নলয়, তাৰ বাবে ধুবুৰী স্বাস্থ্য বিভাগে আৰু বহু ব্যক্তিক হ'ম কোৱাৰেণ্টাইনত ৰখাৰো ব্যৱস্থা গ্ৰহণ কৰিছে । যোৱা এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈকে জিলাখনৰ বিভিন্ন প্ৰান্তত বহিঃৰাজ্যৰ পৰা অহা ব্যক্তিৰ লগতে ক'ভিড-১৯ৰ উপস্থিতি থকাৰ সন্দেহত সৰ্বমুঠ ৯,২২০ গৰাকী ব্যক্তিক হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰি আহিছে । ইয়াৰে চাপৰত ৫৫৪ গৰাকী, গোলকগঞ্জত ৮৫৪ গৰাকী, হালাকুৰাত ২,৬৬৪ গৰাকী, ৰাণীগঞ্জত ১,১৩৪ গৰাকী , ধুবুৰী আৰবান এলেকাত ১১৯ গৰাকী আৰু ধৰ্মশালা অঞ্চলত ৩,৮৯৫ গৰাকী ব্যক্তি হ'ম কোৱাৰেণ্টাইনত আছে ।

উল্লেখযোগ্য যে, ক্ৰমান্বয়ে ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ জিলাখনত জনসাধাৰণৰ মাজত বৰ্তমানেও আতংক বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :কোভিডৰ সমান্তৰালকৈ উন্নয়নমূলক আঁচনি ৰূপায়নত গুৰুত্ব প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details