অসম

assam

ETV Bharat / state

বাংলাদেশী নাগৰিকৰ স্বাস্থ্য পৰীক্ষাঃ কৰ'ণা সন্ত্ৰাস

সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিটো প্ৰান্তত বিৰাজ কৰিছে বৰ্তমান কৰ'ণা ভাইৰাছৰ আতংক। এনে আতংকৰ মাজতে ধুবুৰীত বাহৰ পাতি থকা বাৰ জনকৈ বাংলাদেশী নাগৰিকক লৈ চিন্তিত ধুবুৰী স্বাস্থ্য বিভাগ। প্ৰতিদিনে দুবাৰকৈ কৰা হৈছে স্বাস্থ্য পৰীক্ষা। আনকি জাহাজ ঘাটৰ পৰা বাহিৰলৈ যোৱাত বাধা প্ৰদান কৰা হৈছে বাংলাদেশী নাগৰিক সকলক ।

By

Published : Mar 10, 2020, 8:34 AM IST

Updated : Mar 10, 2020, 8:50 AM IST

health examine of bangladeshi citizen
বাংলাদেশী নাগৰিকৰ স্বাস্থ্য পৰীক্ষা

ধুবুৰী,10 মাৰ্চঃ ৰাজ্যৰ আন আন জিলাৰ সমান্তৰাল ভাৱে ধুবুৰী জিলাতো কৰ'ণা ভাইৰাছৰ আতংক বিৰাজ কৰিছে। যাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মতে প্ৰতিখন জিলাৰ লগতে ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ 'ৰেপিড ৰেস্পন্স টিম 'এটাই ভাৰতীয় অৰ্ন্তদেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ ধুবুৰী জাহাজ ঘাটত অস্থায়ী শিৱিৰ পাতি কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা। উল্লেখযোগ্য যে, এক সপ্তাহ পূৰ্বে বাংলাদেশৰ পৰা তিনিখন কৈ মালবাহী নাওঁ লৈ ধুবুৰী জাহাজ ঘাটত উপস্থিত হয় বাৰ জনকৈ বাংলাদেশী নাগৰিক। ধুবুৰীৰ পৰা শিল আমদানি কৰাৰ বাবে অহা বাংলাদেশী নাগৰিক সকলক লৈ চিন্তিত হৈ পৰা ধুবুৰী স্বাস্থ্য বিভাগ ইতিমধ্যে তৎপৰ হৈ পৰিছে। বিগত দুদিনৰ পৰা প্ৰতিদিনে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ 'ৰেপিড ৰেস্পন্স টিম' এটাই পুৱা আঠ বজাৰ পৰা আবেলি পাঁচ বজালৈ দুবাৰকৈ স্বাস্থ্য পৰীক্ষা কৰিছে। যাতে কৰ'ণা ভাইৰাছত কোনো এজন লোক আক্ৰান্ত নহয়। ইতিমধ্যে ধুবুৰী অসামৰিক চিকিৎসালয়ত চাৰিখন বিচনাযুক্ত এখন বিশেষ কোঠাৰ ব্যৱস্থা কৰা হৈছে। যদি কোনো আক্ৰান্ত ৰোগী চিনাক্ত হয় তেন্তে লগে লগে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ব বুলি চিকিৎসক এ ইউ আহমেদে জনাইছে।

বাংলাদেশী নাগৰিকৰ স্বাস্থ্য পৰীক্ষা
ইফালে বাংলাদেশত কৰ'ণা ভাইৰাছৰ কোনো আতংক নাই বুলি উল্লেখ কৰাৰ সমান্তৰাল ভাৱে ইয়াক লৈ আতংকিত নহয় বুলি উল্লেখ কৰে বাংলাদেশী নাগৰিক সকলে।অৱশ্যে এতিয়ালৈকে কোনো লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি উল্লেখ কৰে চিকিৎসকে। যদিও কিছু পৰিমাণে হ'লেও বৰ্তমান আতংক বিৰাজ কৰিছে সাধাৰণ ৰাইজৰ মাজত।
বাংলাদেশী নাগৰিকৰ স্বাস্থ্য পৰীক্ষাঃ কৰ'ণা সন্ত্ৰাস
লগতে পঢ়কঃমায়ামৰা বৈষ্ণৱ সমাজৰ শৰণ পৰ্বৰে উজলিল ডিব্ৰুগড়ৰ চেঁচা নদীৰ পাৰ...
Last Updated : Mar 10, 2020, 8:50 AM IST

ABOUT THE AUTHOR

...view details