গোলকগঞ্জ, 12 জুনঃ বুধবাৰে ধুবুৰীৰ গোলকগঞ্জৰ সীমান্ত বাণিজ্যিক কেন্দ্ৰ পৰিদৰ্শন কৰে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ৰৌণক আলি হাজৰিকাই ৷ দীৰ্ঘদিনৰ পৰা সীমান্ত বাণিজ্যিক কেন্দ্ৰটোত চলি থকা চিণ্ডিকেটৰ অভিযোগৰ পৰিপ্ৰক্ষেতিতত আজি কেন্দ্ৰটোত উপস্থিত হয় অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকী ৷ অভিযোগ অনুসৰি ছিণ্ডিকেট চক্ৰই অব্যাহত ৰাখিছে বাংলাদেশলৈ ভাৰতৰ শিল আৰু কয়লাৰ সৰবৰাহ ৷
প্ৰসংগ চিণ্ডিকেটঃ গোলকগঞ্জৰ সীমান্ত বাণিজ্যিক কেন্দ্ৰত ডি আই জি
অভিযোগ অনুসৰি ছিণ্ডিকেট চক্ৰই অব্যাহত ৰাখিছে বাংলাদেশলৈ ভাৰতৰ শিল আৰু কয়লাৰ সৰবৰাহ ৷
প্ৰসংগ চিণ্ডিকেটঃ গোলকগঞ্জৰ সীমান্ত বাণিজ্যিক কেন্দ্ৰত ডি আই জি
আনকি ৱে ব্ৰীজত জোখ-মাপৰ ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷ অতিৰিক্ত বোজা কঢ়িওৱা ট্ৰাকসমূহক ধনৰ বিনিময়ত পাৰ হ'বলৈ দিয়া হয় বুলি সংবাদ মাধ্যম তথা একাংশ সচেতন মহলৰ মাজত চৰ্চা লাভ কৰাৰ পাছতে আৰক্ষী বিষয়াগৰাকী গোলকগঞ্জৰ সীমান্ত বাণিজ্য কেন্দ্ৰত উপস্থিত হয় ৷ গাড়ীৰ পৰা ননমাকৈয়ে কিছু সময় ৰৈ কেন্দ্ৰটো ত্যাগ কৰে ডি আই জি ৰৌণক আলি হাজৰিকাই ৷