ধুবুৰী, 4 এপ্ৰিল: ধুবুৰীৰ গৌৰীপুৰত শনিবাৰে মহাজোঁটৰ বিশাল নিৰ্বাচনী সভাত সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য আৰু হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰে । গৌৰীপুৰ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী নিজানুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় নেতা কেইগৰাকীয়ে ।
ইপিনে সভাত সাংসদ গৌৰৱ গগৈয়ে ভাষণৰ আৰম্ভণিতেই কয়, মই আপোনালোকক ভাল খবৰ দিবলৈ আহিছো। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ শেষ হোৱাৰ লগে লগেই মিত্ৰজঁটোৰ চৰকাৰ গঠন হৈ গ’ল আৰু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত কেৱল সম্পূৰ্ণতা হে বাকী আছে । এতিয়া ঘৰৰ ফিনিচিঙৰ কাম হে চলি আছে । একেদৰে ঋতুৰ পৰিৱৰ্তনৰ দৰেই এতিয়া বিজেপি পিছত এইবাৰ কংগ্ৰেছ আহিব বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ।