পশ্চিম বিলাসীপাৰা, 3 জানুৱাৰী :বৃহস্পতিবাৰে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে আধাৰশিলা স্থাপন কৰে ৷ ফুটকিবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ গৌৰাংটাৰী দ্বিতীয় খণ্ডৰ পৰা শিমলাবাৰী পথৰ মেৰামতি কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে । ৰাইজৰ বহুদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনায় বিধায়ক সিংহীৰ তৎপৰতাত পথটি যাতায়তৰ উপযোগীকৈ চৰকাৰে এছ ও পি ডি - এফ ডি আৰ আঁচনিৰ অধীনত ২৮ লাখ ৫১ হাজাৰ ৫৯ টকাৰ আৱন্টন দিয়ে ।
বিলাসীপাৰাত আধাৰশিলা স্থাপন স্থানীয় বিধায়কৰ
বিধায়ক অশোক কুমাৰ সিংহীয়ে বিলাসীপাৰাত আধাৰশিলা স্থাপন কৰে ৷ ফুটকিবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ গৌৰাংটাৰী দ্বিতীয় খণ্ডৰ পৰা শিমলাবাৰী পথৰ মেৰামতি কামৰ আধাৰশিলা স্থাপন কৰে ৷
বিলাসীপাৰাত আধাৰশিলা স্থাপন স্থানীয় বিধায়কৰ
বিলাসীপাৰা মহকুমা টেৰিটৰিয়াল পথ সংমণ্ডলৰ অধীনৰ 1.30 কিলোমিটাৰ পথছোৱাৰ কাম অতি খৰতকীয়াকৈ কৰা হ'ব বুলি বিধায়ক জনে মন্তব্য কৰে । আধাৰশিলা কাৰ্যসূচীত বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া, গড়কাপ্তানি বিভাগৰ মহকুমা কাৰ্যবাহী অভিযন্তা, কণিষ্ঠ অভিযন্তা প্ৰমুখ্য স্থানীয় বহু লোক উপস্থিত থাকে ।
আৰু পঢ়ক :বিলাসীপাৰাত সাংবাদিক আক্ৰমণ