অসম

assam

ETV Bharat / state

ধুবুৰী সীমান্তত বিপদৰ সন্মুখীন বি এছ এফ জোৱান!!

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৱৰ্তী বি এছ এফ কেম্পত কৰ্তব্যৰত জোৱান সকল ক্ৰমান্বয়ে চৰম বিপদৰ সন্মুখীন হৈছে । কাৰণ বিগত সময়ছোৱাত পানীৰ তলত আছিল সীমান্তৰ প্ৰতিটো বি এছ এফ কেম্প তথা বিওপি সমূহ

বিপদৰ সন্মুখীন সীমান্তৰ বি এছ এফ জোৱান

By

Published : Jul 22, 2019, 7:05 PM IST

ধুবুৰী,22 জুলাইঃ ধুবুৰীৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। পানী কমিলেও বিপদৰ সন্মুখীন হৈছে সীমান্তৰ বি এছ এফ জোৱানসকল।

বিপদৰ সন্মুখীন সীমান্তৰ বি এছ এফ জোৱান
ধুবুৰীৰ ভাৰত বাংলা সীমান্তৱৰ্তী বি এছ এফ কেম্পত কৰ্তব্যৰত জোৱানসকল ক্ৰমান্বয়ে বিপদৰ সন্মুখীন হৈছে। কাৰণ বিগত সময়ছোৱাত পানীৰ তলত আছিল সীমান্তৰ প্ৰতিটো বি এছ এফ কেম্প তথা বি ও পিসমূহ । যাৰ বাবে কেম্পৰ ভিতৰ বাহিৰে কেৱল বোকা হৈ পৰাৰ বিপৰীতে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে । ফলত নাৱত থাকি কৰ্তব্য পালন কৰাৰ বিপৰীতে ভৰিত গাম বুট লগাই পালন কৰিছে কৰ্তব্য। আনহাতে, বোকাময় পৰিৱেশে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাব পাৰে বুলি চিন্তিত হৈ পৰিছে বি এছ এফ জোৱান সকল ।

ABOUT THE AUTHOR

...view details