অসম

assam

By

Published : Dec 8, 2019, 11:20 PM IST

ETV Bharat / state

ধুবুৰীত ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ

বিলাসী গাড়ীৰে অব্যাহত ৰাখিছে ড্ৰাগছৰ বেহা ৷ তেনে এক ঘটনা পোহৰলৈ আহিছে ধুবুৰীত ৷ ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

ETV BHARAT
ধুবুৰীত ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ

ধুবুৰী, 8 ডিচেম্বৰঃ ধুবুৰীত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

ধুবুৰীত ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ
ৰাজ্যত এতিয়াও আব্যাহত আছে ড্ৰাগছ সৰবৰাহ ৷ আৰক্ষীয়েও অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷ এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ উক্ত অভিযানত আৰক্ষীয়ে AS-16B-3273 নম্বৰৰ এখন বিলাসী গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ YABBA ড্ৰাগছ জাতীয় টেবলেট জব্দ কৰে । আৰক্ষীয়ে পশ্চিম বংগৰ বক্সিৰহাটৰ পৰা ধুবুৰী চহৰত প্ৰৱেশ কৰাৰ সময়তেই বাহন খন জব্দ কৰাৰ লগতে চালক ছাইদুল ইছলাম নামৰ লোক জনক আটক কৰে ৷ ধৃত ছাইদুলৰ পৰা মুঠ চৈধ্য শ টা ড্ৰাগছ জাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে ৷ ধৃত ছাইদুল ইছলামৰ ঘৰ কোকৰাঝাৰৰ ফকিৰাগ্ৰামত বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ছাইদুলক আৰক্ষীয়ে আটক কৰি অধিত তথ্যৰ বাব জেৰা অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details