অসম

assam

ETV Bharat / state

কোৱাৰেণ্টাইন চেণ্টাৰত আত্মহত্যাৰ ভাবুকি - পশ্চিম বংগৰ লোক

ধুবুৰীৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত আত্মহত্যাৰ ভাবুকি বিহাৰ উত্তৰ প্ৰদেশৰ একাংশ লোকৰ। বিগত পঞ্চাশ দিনে কোৱাৰেণ্টাইনত বন্দীত জীৱন কটাই হাহাকাৰ কৰিবলগীয়া হৈছে বহিঃৰাজ্যৰ লগতে অসমৰ কেইবাজনো লোক।

AS_DHB_01_17MAY_QUARANTINE_CENTRE_7203850
কোৱাৰেণ্টাইন চেণ্টাৰত আত্মহত্যাৰ ভাবুকি

By

Published : May 17, 2020, 6:18 PM IST

ধুবুৰী,17মেঃধুবুৰী চহৰৰ এক নং ৱাৰ্ডত অৱস্থিত গুৰু টেগ বাহাদুৰৰ গুৰুদ্বাৰত থকা কোৱাৰেণ্টাইন চেণ্টাৰত ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপৰিও বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বা‘ৰ জন লগতে পশ্চিম বংগৰ মুঠ ৩৯ গৰাকী লোক আছে দীৰ্ঘ দিনৰে পৰা আবদ্ধ হৈ আছে ৷ ইয়াৰে ২৭ মাৰ্চত বহিঃৰাজ্যৰ বাৰ জনকৈ লোক কোৱাৰেণ্টাইন কৰা হৈছিল। বিগত পঞ্চাশ দিনে কোৱাৰেণ্টাইন চেণ্টাৰত বন্দীত্ব জীৱন কটাই ভাগৰি পৰিছে বহিঃৰাজ্যৰ লোক সকল। সমান্তৰাল ভাৱে পশ্চিম বংগৰ লোক সকলো এমাহ পূৰ্বৰ পৰাই কোৱাৰেণ্টাইনত থাকিও ঘৰলৈ যোৱাৰ অনুমতি পোৱা নাই। ইপিনে দীৰ্ঘ দিনে এই সকল লোকক ঘৰলৈ পঠোৱাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলি কোৱাৰেণ্টাইনত থাকি অতিষ্ঠ হৈ পৰিছে বুলি উল্লেখ কৰে লোক সকলে।

কোৱাৰেণ্টাইন চেণ্টাৰত আত্মহত্যাৰ ভাবুকি

আনহাতে কোৱাৰেণ্টাইন চেণ্টাৰত আহাৰ গ্ৰহণ নকৰাৰ ভাবুকি প্ৰদান কৰে বহিঃৰাজ্যৰ লোক সকলে। আনকি কোৱাৰেণ্টাইন চেণ্টাৰত আত্মহত্যা কৰাৰ পিছতহে চৰকাৰ প্ৰশাসনে গুৰুত্ব দিব বুলি অভিযোগ তুলি আত্মহত্যাৰ ভাবুকি প্ৰদান কৰে ।ইপিনে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ চান্দমিয়া নামৰ এগৰাকী বৃদ্ধক কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা মুকলি কৰি দিয়াৰ সময়সীমা অতিক্ৰম কৰাৰ পিছতো প্ৰশাসনে ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান নকৰাৰ ফলত বৃদ্ধ গৰাকী আবেগিক হৈ পৰা দেখা যায় ৷

কোৱাৰেণ্টাইন চেণ্টাৰত আত্মহত্যাৰ ভাবুকি

উল্লেখযোগ্য যে, ঈদৰ প্ৰাকক্ষণত কোৱাৰেণ্টাইন চেণ্টাৰত বন্দী হৈ থকা লোক সকল ঘৰলৈ যোৱাৰ বাবে ব্যকুল হৈ পৰিছে। যদিওঁ এতিয়া এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় হৈ পৰিছে ।

লগতে পঢ়কঃ পৰাগ কুমাৰ দাস হত্যাকাণ্ডৰ 24 টা বৰ্ষ সম্পূৰ্ণঃ ন্যায় কেতিয়া?

ABOUT THE AUTHOR

...view details