অসম

assam

ETV Bharat / state

ধুবুৰীত দহ কোটি টকীয়া আঁচনিৰ শুভ উদ্বোধন

ধুবুৰী-পাটামাৰী ৰোডৰ পকীকৰণৰ কামৰ শুভ উদ্বোধন কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে । চৰকাৰৰ চিগনেচাৰ প্ৰজেক্টৰ জৰিয়তে মোকলাই দিয়া হয় দহ কোটি টকা ৷

ধুবুৰীত দহ কোটি টকীয়া আঁচনিৰ শুভ উদ্বোধন

By

Published : Jul 7, 2019, 5:34 PM IST

ধুবুৰী, 7 জুলাই : ধুবুৰীৰ পৰা ভাৰত বাংলা-সীমান্ত অঞ্চললৈ যোৱা একমাত্ৰ পথ ধুবুৰী পাটামাৰী ৰোড নিৰ্মাণৰ কাম আৰম্ভ ৷ দেওবাৰে পথটি পকীকৰণৰ কামৰ শুভ উদ্বোধন কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ।বিগত দুটা দশক ধৰি বিধ্বস্ত হৈ পৰিছিল পথটিৰ অৱস্থা ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ বিধায়ক নজৰুল হকে নিজৰ ৰাজ্যৰ গড়কপ্তানী বিভাগৰ সৈতে যোগাযোগ কৰে । সেই মৰ্মে চৰকাৰৰ ফালৰ পৰা চিগনেচাৰ প্ৰজেক্টৰ জৰিয়তে মোকলাই দিয়া হয় দহ কোটি টকা ৷ বিভাগীয় ভাৱে নিবিদা সম্পূৰ্ণ কৰাৰ পাচত আজি আনুষ্ঠানিকভাৱে কামৰ শুভ উদ্বোধন কৰা হয় । ধুবুৰীৰ বিধায়ক নজৰুল হক আৰু বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বশিৰ আহমেদ কাচিমিৰ লগতে ধুবুৰী গড়কাপ্তানী পথ সংমণ্ডলৰ অভিযন্তাৰ উপস্থিতিত সাংসদ বদৰুদ্দিন আজমলে এই আঁচনিৰ শুভ উদ্বোধন কৰে । আঁচনিৰ শুভ উদ্বোধন কৰাৰ পাচত শুভ উদ্বোধনী সভাত অংশগ্ৰহণ কৰি সীমান্ত অঞ্চলৰ দীৰ্ঘ দিনীয়া সমস্যা সমাধান হ’ল বুলি উল্লেখ কৰি বিধায়ক নজৰুল হকক ধন্যবাদ জ্ঞাপন কৰে সাংসদ আজমলে ।

ধুবুৰীত দহ কোটি টকীয়া আঁচনিৰ শুভ উদ্বোধন

ABOUT THE AUTHOR

...view details